মাকুমত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আছুৰ

6

মাকুমত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আছুৰ

২০২২ বৰ্ষৰ তিনিচুকীয়া জিলাৰ মাকুম বৃহত্তৰ অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি সদৌ অসম ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিয়ে মংগলবাৰে মাকুমস্থিত যুগল কিশোৰ কেষান স্মৃতি ভৱনত এখনি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে।

উক্ত অভিনন্দন অনুষ্ঠান খনিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা,কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিনয় ডুবে,তিনিচুকীয়া জিলাৰ সমিতিৰ সভাপতি ৰাজা বলিমৰা প্ৰমুখ্যে কৰি সংগঠনটোৰ বহু কেইজন বিষয়-ববীয়াৰ লগতে বিশিষ্ট সাহিত্যিক পূণ্য শইকীয়া,মাকুম অঞ্চলৰ কেইবাখনো বিদ্যালয় প্ৰধান শিক্ষক-শিক্ষত্ৰী উপস্থিত থাকে।
এই অনুষ্ঠানতে যোৱা কালি কেন্দ্ৰীয় চৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰী ওপৰত ৫ ৰ পৰা ১৮ শতাংশ GST বলৱৎ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here