মাকুমত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মঙ্গলবাৰে তিনিচুকীয়া জিলাৰ মাকুম ডেইলি বজাৰৰ দোকানী এজনে দোকান খুলিবলৈ জাওতে মাকুম ডেইলি বজাৰৰ শৰ্মা নাৰচিং হোমৰ সংযোগী পথৰ এটি দোকানৰ বাৰান্দাত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে।
দুকানী জনে লগে লগে স্থানীয় মাকুম থানাত অৱগত কৰে।
মৃত ব্যক্তি জনৰ পৰিচয় এতিয়া লৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
আৰক্ষী থানাৰ বিষয়া উক্ত স্থানত উপস্থিত হৈ
মৃতদেহটো মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৰণোত্তৰ পৰিক্ষাৰ পাছত হে মৃত্যুৰ ৰহস্য গম পোৱা যাব।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News