Wednesday, March 29, 2023
HomeAssameseমহা অঘাৰীৰ গাড়ী ব্ৰেক ফেইল কৰাই মুম্বাইত উপস্থিত একনাথ সিন্ধে

মহা অঘাৰীৰ গাড়ী ব্ৰেক ফেইল কৰাই মুম্বাইত উপস্থিত একনাথ সিন্ধে

মহা অঘাৰীৰ গাড়ী ব্ৰেক ফেইল কৰাই মুম্বাইত উপস্থিত একনাথ সিন্ধে

মহাৰাষ্ট্ৰত আজিৰ দিনটোত পুনৰ আৰম্ভ ৰাজনৈতিক সক্ৰিয়তা । গোৱাৰ পৰা মুম্বাইৰ কলিনা বিমানবন্দৰত অৱতৰণ একনাথ সিন্ধেৰ বিমান । বাকী বিসম্বাদী বিধায়ক সকলক গোৱাত এৰি মুম্বাইত অকলে উপস্থিত হৈছে একনাথ সিন্ধে । লগত লৈ আহিছে ৪৯ গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ । একনাথ সিন্ধে সুৰক্ষা কটকটিয়া কৰি তোলা হৈছে ।
বৃহস্পতিবাৰে ৩ বজাত বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ডনাবিজৰ সৈতে ৰাজ্যপালক সাক্ষাৎ কৰিব একনাথ সিন্ধেই । ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব দেবেন্দ্ৰ ফাৰ্ডনবিজে । বিজেপিৰ সুত্ৰই প্ৰকাশ কৰা মতে ।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিচাপে দেবেন্দ্ৰ ফাৰ্ডনবিজ আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্ধেই শপত লব ।
খৱৰ অনুসৰি , শিৱসেনা দলৰ ওপৰত তথা শিৱসেনাৰ প্ৰতীক চিহ্নৰ ওপৰত নিজ পক্ষৰ দাবী উত্থাপন কৰিব একনাথ সিন্ধেই । আজি নিৰ্বাচন আয়োগৰ আবেদন জনাব একনাথ সিন্ধেই ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments