মহাৰাষ্ট্ৰৰ সমুদ্ৰতীৰত সন্দেহজনক নাওঁ জব্দ ! উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ
মহাৰাষ্ট্ৰৰ হৰি হৰেশ্বৰ সমুদ্ৰতীৰত এখন বিদেশী নাওঁ উদ্ধাৰ । মহাৰাষ্ট্ৰৰ ৰায়গড় তীৰত উদ্ধাৰ সন্দেহজনক নাওঁখনৰ পৰা উদ্ধাৰ তিনিটা AK-47 ৰাইফল সহ গুলী । সমুদ্ৰতীৰত নাওঁখন উদ্ধাৰ কৰাৰ সময়ত নাওঁখনত নাছিল কোনো যাত্ৰী । মুম্বাইৰ পৰা ১৯০ কিলোমিটাৰ দুৰত্বত নাওঁখন স্থানীয় লোকে প্ৰত্যক্ষ কৰি সুৰক্ষা এজেন্সীক খবৰ দিয়ে ।

ইতিমধ্যে এই সমগ্ৰ ঘটনাক হাই এলাৰ্ট হৈ উঠিছে নিৰাপত্তা সংস্থাসমুহ । সমগ্ৰ ঘটনাত সন্ত্ৰাসবাদী এংগোল আছে নে নাই , এই সন্ধৰ্ভত পৰীক্ষা কৰিবলৈ ৰায়গড়লৈ ৰাওনা হৈছে NIA ৰ দল ।
মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে । উদ্ধাৰ নাওঁখন অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাৰ বুলি উল্লেখ কৰিছে ফাড়ন্দাবিছে ।
National Desk , Ne India News