Sunday, March 26, 2023
HomeAssameseমহাৰাষ্ট্ৰৰ অমৰাৱতীত উদয়পুৰৰ দৰে ঘটনা ! NIAই কৰিব তদন্ত

মহাৰাষ্ট্ৰৰ অমৰাৱতীত উদয়পুৰৰ দৰে ঘটনা ! NIAই কৰিব তদন্ত

মহাৰাষ্ট্ৰৰ অমৰাৱতীত উদয়পুৰৰ দৰে ঘটনা ! NIAই কৰিব তদন্ত

মহাৰাষ্ট্ৰৰ অমৰাৱতীত সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰৰ লেখিয়া ঘটনা । ডিঙি কাটি হত্যা কৰা হৈছিল ঔষধ ব্যৱসায়ী উমেশ কোলহে। ঘটনা সংঘটিত হৈছিল ২১ জুনত ।
মহাৰাষ্ট্ৰৰ অমৰাৱতীত সংঘটিত হত্যকাণ্ডত জড়িত ৬ অভিযুক্তক গ্ৰেপ্তাৰৰ পিচত সমগ্ৰ ঘটনাৰ পৰা পৰ্দা আতৰিবলৈ আৰম্ভ কৰিছে । সমগ্ৰ ঘটনাত আৰক্ষীৰ অমনোযোগীতা পোহৰলৈ আহিছে ।
২১ জুন তাৰিখে নিশা নিজৰ ঔষধৰ দোকান বন্ধ কৰি উমেশ কোলহে ঘৰলৈ ৰাওনা হৈছিল । তাৰপিচতে দোকানৰ পৰাই পিচলোৱা দুস্কৃতিকাৰীয়ে পথত আগচি ডিঙি কাটি হত্যা কৰে উমেশ কোলহেক । প্ৰথমে এই সমগ্ৰ ঘটনাক ডকাইটিৰ ঘটনা বুলি ভবা হৈছিল । আৰক্ষীয়ে এই এংগলৰে তদন্ত কৰিছিল ।
ছয় অভিযুক্তক গ্ৰেপ্তাৰৰ পিচত সমগ্ৰ ঘটনাৰ আৰঁ‌ কাপোৰ আতৰিবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে , বিজেপিৰ প্ৰাক্তন প্ৰবক্তা নুপুৰ শৰ্মাক সমৰ্থন কৰি মৃত্যুৰ কেইদিন পুৰ্বে চচিয়েল মিডিয়াত এক পোষ্ট কৰিছিল উমেশ কোলহেই । তাৰপিচতে উমেশ কোলহেক হত্যা কৰে দুস্কৃতিকাৰীয়ে ।
উদয়পুৰৰ ঘটনা আৰু অমৰাৱতীত সংঘটিত ঘটনাৰ মাজত সাদৃশ্য দেখিছে তদন্তকাৰী সংস্থাই । ইতিমধ্যে অমৰাৱতীৰ হত্যাকাণ্ডত জড়িত থকা মুদ্দসিৰ আহমেদ , শাহৰুখ পাঠান , আব্দুল টৌফিক , চোহেব খান , অটিপ ৰচিদ আৰু য়ুচুফ খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
ইতিমধ্যে অমৰাৱতীত উপস্থিত হৈছে NIA আৰু ATS ৰ দুটা দল । হত্যাকাণ্ডৰ মাষ্টৰ মাইণ্ড বৰ্তমানেও পলাতক হৈ আছে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments