মহাৰাষ্ট্ৰত মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ সম্ভাৱনাক নসাৎ একনাথ সিন্ধেৰ

10

মহাৰাষ্ট্ৰত মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ সম্ভাৱনাক নসাৎ একনাথ সিন্ধেৰ

মহাৰাষ্ট্ৰত মধ্যৱৰ্তীকালীন নিৰ্বাচন সম্ভাৱনাৰ কথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে আৰু এনচিপি-ৰ নেতা শাৰদ পাৱাৰে কৈ অহাৰ সময়চোৱাতে ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্ধেৰ মন্তব্য। মহাৰাষ্ট্ৰৰ মধ্যৱৰ্তীকালীন নিৰ্বাচন নুই কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্ধেই। চৰকাৰে কাৰ্যকাল সম্পন্ন কৰিব, নিৰ্বাচন নহ’য় বুলি মন্তব্য সিন্ধেৰ। লগতে কয় যে কেৱল বিজেপি আৰু শিৱসেনাৰ মিত্ৰতাই হে ৰাজ্যখনক আগুৱাই নিব পাৰে। শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্ধে আৰু ৰাজ্যখনৰ উপ- মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাবিছৰ সৈতে দিল্লীত উপস্থিত থাকি এখন সংবাদ মেলত অহা সপ্তাহত মুম্বাইত মহাৰাষ্ট্ৰৰ মন্ত্ৰী পৰিষদ সম্প্ৰসাৰণ কৰা সম্পৰ্কত সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰে।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here