মহাৰাষ্ট্ৰত বিমান দুৰ্ঘটনা ! কথামপি ৰক্ষা পাইলটৰ
সোমবাৰে মহাৰাষ্ট্ৰৰ পুণেত দুৰ্ঘটনাগ্ৰস্থ হয় এখন বিমান । বিমান চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা এক প্ৰতিষ্ঠানৰ ব্যক্তিগত সৰু বিমান এখনে পুণেৰ বাৰামতি বিমানবন্দৰৰ পৰা উৰা মাৰিছিল । বিমানখন উৰুৱাইছিল পাইলট ভাবনা ৰাঠোড়ে । আজি দিনৰ প্ৰায় ১১ বজাত বিমানখন পুণে জিলাৰ ইন্দ্ৰাপুৰৰ কাডম্বৰী দুৰ্ঘটনা গ্ৰস্ত হয় । বিমানখনৰ পাইলট ভাৱনা ৰাঠোড়ে কথামপি ৰক্ষা পৰে ।

ভাৱনা ৰাঠোড় সামান্য ৰুপে আঘাতপ্ৰাপ্ত হৈছে । বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে ভাৱনা । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ।
National Desk, Ne India News