শেহতীয়া ভাৱে চচিয়েল মিডিয়াৰ জৰিয়তে খুৱ প্ৰচাৰ হৈছিল যে ভাৰতীয় নোটৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো আঁতৰ কৰিব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুকৈ RBI য়ে । তাৰ ঠাইত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম আৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ ফটো সন্নিবিষ্ট হব ভাৰতীয় নোটত ।
চচিয়েল মিডিয়াত প্ৰচাৰ হোৱা এই খবৰৰ ক্ষেত্ৰত মুখ খুলিছে RBI য়ে । এয়া এক সম্পুৰ্ণ ভুৱা খবৰ বুলি মন্তব্য RBI ৰ ।
একাংশ সংবাদ মাধ্যম বিশেষকৈ চচিয়েল মিডিয়াত এই খবৰ বিয়পি পৰিছিল যে বিত্ত মন্ত্ৰালয় আৰু RBI য়ে ছপা হব লগা নতুন চিৰিজৰ নোট সমুহত ৰবিন্দ্ৰনাথ ঠাকুৰ আৰু মিচাইল মেন এ পি জে আব্দুল কালাম ফটো সন্নিবিষ্ট কৰাৰ বাবে চিন্তা চৰ্চা চলাইছে । এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে RBI য়ে নিজৰ পক্ষ প্ৰকাশ কৰে । নোটৰ পৰা ফটো সলনিৰ কোনো প্ৰস্তাৱ RBI য়ে লাভ কৰা নাই আৰু এনে ধৰণৰ কোনো আলোচনাও অনুষ্ঠিত হোৱা নাই বুলি মতপোষণ কৰে RBI য়ে । এই খবৰ সম্পুৰ্ণ ভিত্তিহীন বুলি মন্তব্য RBI ৰ ।
News Desk, Ne India News