মহাকাশত মূলাৰ খেতি কৰিলে নাছাৰ মহাকাশচাৰীয়ে

0
123

মহাকাশত মূলাৰ খেতি কৰিলে নাছাৰ মহাকাশচাৰীয়ে

প্রথমবাৰৰ বাবে নাছাৰ বিজ্ঞানীয়ে পাচলিৰ খেতি প্রধানতঃ মূলাৰ খেতি কৰিবলৈ সক্ষম হৈছে৷ মহাকাশত আন্তর্জাতিক মহকাশ আস্থান (আই এছ এছ)ত বাহৰ পাতি থকা নাছাৰ মহাকাশচাৰী কেট ৰাবিনছে টুইটযোগে মূলাৰ খেতি কৰাৰ আলোকচিত্র প্রকাশ কৰিছে৷
মহাকাশ আস্থানলৈ কঢ়িয়াই লৈ যোৱা এডভান্স প্লেণ্ট হেবিটেট (এপিএইচ)ৰ মূলাৰ গছ মহাকাশত দ্রুত গতিত বাঢ়ে৷ আই এছ এছৰ গৱেষণাত প্রকাশ পোৱা মতে মূলাৰ খেতি দ্রুত গতিত ডাঙৰ হয় আৰু ই অধিক পুষ্টিকৰ৷ এনে কাৰণতে মহাকাশত এই খেতি কৰি সফল হৈছে৷

আইএছএছত খেতি কৰা মূলাৰ ২০টা পুলি ইতিমধ্যে মহাকাশচাৰীগৰাকীয় সংগ্রহ কৰি শীতল ভঁৰালত জমা কৰি ৰাখিছে৷ ২০২১ চনত মহাকাশচাৰীগৰাকী পৃথিৱীলৈ উভতি আহোঁতে মহাকাশত খেতি কৰি সফল হোৱা মূলা লগত লৈ আনিব৷
এই সফলতাই মহাকাশ বিজ্ঞানীসকলক আন পাচলিৰ খেতি কৰিবলৈ উৎসাহিত কৰা বুলি নাছাৰ এ পি এইচ প্র’গ্রেম মেনেজাৰ নিকোল ডাফৌৰে প্রকাশ কৰিছে৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here