শুক্ৰবাৰে জনতা ভৱনত কৃষি মন্ত্ৰী শ্ৰীঅতুল বৰাৰ সৈতে video conference যুগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফচল বীমা যোজনা ৰূপায়ণৰ বিষয়ে আলোচনা কৰে । অসম চৰকাৰে শস্যৰ ক্ষতি হোৱা বা ক্ষতিগ্ৰস্ত কৃষকসকলক সহায়ৰ হাত আগবঢ়হোৱাৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আহিছে। লগতে কৃষকসকলৰ বিভিন্ন অসুবিধা তথা দাবীসমূহৰ ক্ষিপ্ৰ নিষ্পত্তি নিশ্চিত কৰাৰ দিশত কাম চলাই আহিছে। আজি যোজনাৰ অধীনত কৃষকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে খাৰিফ শস্যত লাভালাভ কৰিব পৰা সকলো বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকখনত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
News desk, Ne India News