মনিপুৰ চৰকাৰৰ অধ্যাদেশৰ বিৰুদ্ধে প্ৰতিবাদ

0
1321

 

মনিপুৰ চৰকাৰৰ অধ্যাদেশৰ বিৰুদ্ধে প্ৰতিবাদ

মনিপুৰৰ বিজেপি সৰকাৰে বেংগলী বিতাৰনৰ বাবে ২৩ জুলাই  তাৰিখে মণিপুৰ বিধানসভাত এখন বিল পাছ কৰিলে । এই বিলৰ নাম দিয়া হৈছে “The Manipur Peoples Bill 2018” এই বিলৰ অনুচ্ছেদ অনুযায়ী  নাগৰিক অথবা তাৰ বংশধৰ সকলে১৯৫১ চনৰ পূর্বৰ, মণিপুৰত থকা নথি পত্ৰ দাখিল কৰিবলৈ সক্ষম হলেহে মনিপুৰৰ বাসিন্দা হিচাপে স্বিকৃত হব অন্যথা  বিদেশী হিচাপে চিহ্নিত কৰা হব । ১৯৫১  চন পর্যন্ত  মণিপুৰৰ নথি দাখিল কৰিব নোৱাৰিলে সেইসকলে  সংবিধানিক আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত হব ।
(ক) 1951 চনৰ পিচত  মণিপুৰলৈ অহা ভাৰতীয় নাগৰিকসকলৰ ভোটাধিকাৰ নেথাকিব ।
(খ) ভুমিৰ  মালিকী স্বত্ব নেথাকিব ।
(গ) 1951 চনৰ পিচত অসমৰ বৰাক উপত্যকাৰ পৰা মণিপুৰলৈ অহা সকলো মণিপুৰৰ বাসিন্দা হিচাপে গণ্য কৰা নহৱ।


বিজেপি চৰকাৰৰ এই বেংগলী বিৰোধী  বিলৰ প্রতিবাদ কৰোতে পুলিচ আৰু প্রতিবাদকাৰীৰ  মাজত সংঘর্ষৰ সুত্ৰপাত হয় । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ  আৰক্ষীয়ে  জিৰিবামত গুলীচালনা কৰে৷ মনিপুৰ আৰক্ষীৰ গুলীত কেবাজনো প্ৰতিবাদকাৰী  আহত হয় ৷ গুৰুতৰ ভাৱে আহত চাৰিজনক SMCH লৈ প্ৰেৰন কৰা হয় ৷ প্ৰতিবাদকাৰীৰ আক্ৰমণত জিৰিবামৰ SP আৰু OC আহত হয় ৷ ১৪৪ ধাৰা ভংগ কৰি প্ৰতিবাদ কাৰীয়ে জিৰিবামৰ সোনাপুৰত  বিলৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন  কৰিছিল ৷ প্ৰথমে কন্দুৱা গেছ পিচত লাঠি চালনা আৰু শেষত গুলিচালনা  কৰে মনিপুৰ আৰক্ষীয়ে ৷

https://youtu.be/4mvhsxETqE0?t=3

(প্ৰদীপ্ত পুৰকায়স্থ , কাটিগড়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here