Sunday, May 28, 2023
HomeAssameseমধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ পানী খোৱাটো কিমান প্ৰয়োজনীয়

মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ পানী খোৱাটো কিমান প্ৰয়োজনীয়

শৰীৰত ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন । যদিহে ই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ,তেতিয়া এগৰাকী লোক ডায়বেটিজত আক্ৰান্ত হৈ পৰা সম্ভাৱনা প্ৰৱল হৈ পৰে ।
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সুস্ত তথা সাধাৰণ জীৱনশৈলী গ্ৰহণ কৰি এনে ৰোগৰ পৰা দুৰত্ব বজাই ৰাখিব পৰা যায় । সৰু সৰু কিছু দিশত নজৰ ৰাখিব জানিলে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় । বহু লোকে নেজানে , আমাৰ চোতালত সহজতে উপলব্ধ তুলসী গছ জোপায়ো ব্লাড চুগাৰ নিয়ন্ত্ৰণত আমাক সহায় কৰিব পাৰে । তুলসী গছৰ পাতৰ ৰস সেৱন কৰিলে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় ।
কেনেকৈ ব্যৱহাৰ কৰিব তুলসী পাতৰ পানী ???
বাচন এটা পানী লৈ তাত ৪\৫ টা তুলসী পাত দি উতলাই লওক । সেই পানী ফ্ৰিজত সযতনে থৈ দিওক । পুৱা – গধুলী সেই পানী সেৱন কৰক । আপোনাৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণত আহিব ।
ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ উপৰিও তুলসী পাতৰ পানীয়ে আপোনাৰ কাহ চৰ্দিৰ উপশম কৰাত সহায় কৰিব । শৰীৰৰ ইমূউনিটি শক্তি বৃদ্ধি কৰিব ।

News Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments