Sunday, March 19, 2023
HomeAssameseমথুৰা, কাশীৰ পিচত জামা মজজিদ বিবাদ ! ১৫ চেপ্তেম্বৰত হব শুনানী

মথুৰা, কাশীৰ পিচত জামা মজজিদ বিবাদ ! ১৫ চেপ্তেম্বৰত হব শুনানী

মথুৰা, কাশীৰ পিচত জামা মজজিদ বিবাদ ! ১৫ চেপ্তেম্বৰত হব শুনানী

উত্তৰ প্ৰদেশৰ মথুৰা আৰু কাশীৰ পিচত এইবাৰ বঁ‌দায়ুৰ জামা মজজিদক লৈ বিবাদৰ সৃষ্টি হৈছে ।
মজজিদ মালিকীস্বত্বক লৈ আবেদন কৰা হৈছে আদালতত । হিন্দু মহাসভাৰ উত্তৰ প্ৰদেশৰ সংযোজক মুকেশ পেটেলে চিভিল জজৰ ওচৰত আবেদন দাখিল কৰিছে ।

বঁ‌দায়ু জিলাৰ সদৰ কোটৱালী অঞ্চলৰ ৪ নম্বৰ গলিত অৱস্থিত জামা মজজিদক নীলকণ্ঠ মহাদেৱৰ মন্দিৰ বুলি দাবী উত্থাপন কৰিছে ।

এই ক্ষেত্ৰত হিন্দু মহাসভাৰ মুকেশ পেটেলে বিভিন্ন প্ৰমাণ দাখিল কৰিছে আদালতত ।
মুকেশ পেটেলৰ অধিবক্তা বেদ প্ৰকাশ চাহু প্ৰকাশ কৰে যে , নীলকন্ঠ মহাদেৱ বনাম জামা মজজিদ বিবাদ সংক্ৰান্তিয় আবেদন চিভিল জজ চিনিয়ৰ ডিভিজনৰ ওচৰত দাখিল কৰা হৈছে ।

ইতিমধ্যে এই বিবাদৰ শুনানীৰ দিন ধাৰ্য কৰা হৈছে । চিভিল জজ চিনিয়ৰ ডিভিজনে এই বিবাদৰ শুনানী গ্ৰহণ কৰিব ১৫ চেপ্তেম্বৰত । আদালতে ইতিমধ্যে মজজিদ ইন্তেজামীয়া কমিটিক জাননী জাৰি কৰি এই বিবাদ সংক্ৰান্তত নিজৰ পক্ষ আদালতৰ ওচৰত ৰাখিবলৈ আদেশ জাৰি কৰিছে ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments