Friday, March 24, 2023
HomeAssameseমণিষ চিচোদিয়াক গুৱাহাটীৰ আদালতৰ জাননী ! মুখ্যমন্ত্ৰীয়ে তৰিছিল মানহানি গোচৰ

মণিষ চিচোদিয়াক গুৱাহাটীৰ আদালতৰ জাননী ! মুখ্যমন্ত্ৰীয়ে তৰিছিল মানহানি গোচৰ

মণিষ চিচোদিয়াক গুৱাহাটীৰ আদালতৰ জাননী ! মুখ্যমন্ত্ৰীয়ে তৰিছিল মানহানি গোচৰ

কেইমাহমান পুৰ্বে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । সংবাদ মেল যোগে মণিষ চিচোদিয়াই অভিযোগ কৰিছিল যে , কভিড কালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সহধৰ্মিনী আৰু পুত্ৰক নীতিবৰ্হিভুত ভাৱে কামৰ আৱন্টন দিছিল । চিচোদিয়াৰ অভিযোগ ,মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ শ্বেয়াৰ থকা প্ৰতিষ্ঠানক PPE কিট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল । মণিষ চিচোদিয়াই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল , ২০২০ চনৰ বজাৰ দৰতকৈ অধিক মুল্যত PPE কিট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল প্ৰতিষ্ঠান কেইটাক ।
মণিষ চিচোদিয়াৰ এই অভিযোগৰ বিৰুদ্ধে ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াৰ বিৰুদ্ধে তৰিছিল মানহানি গোচৰ ।
এই গোচৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আদালতে । কামৰুপ জিলা CJM কোৰ্টে মণিষ চিচোদিয়াক প্ৰেৰণ কৰিছে জাননী । চেপ্তেম্বৰ মাহৰ ২৯ তাৰিখে কামৰুপ জিলা CJM আদালতত হাজিৰ হব লাগিব মণিষ চিচোদিয়া ।

News Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments