মণিপুৰত AMSU ৰ আহব্বানত শনিবাৰৰ পৰা আৰম্ভ ১০০ ঘন্টীয়া ৰাষ্ট্ৰীয় পথ অৱৰোধ

0
864

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন NSCN ( IM) কেডাৰে বিগত ৩ চেপ্টেম্বৰত,All Manipur Student Union ( AMSU) ৰ কর্মকর্তাক ভাবুকি প্ৰদান কৰিছিল । এই পৰিপ্রেক্ষিতত ছাত্র সংস্থাটোৱে  মনিপুৰ চৰকাৰৰ ওচৰত অভিযোগ জনাইছিল । কিন্তু চৰকাৰে NSCN  কেডাৰ সকলৰ বিপক্ষে কোনো পদক্ষেপ গ্রহণ নকৰিলে । ছাত্র সংস্থাৰ সম্পাদক মনজিত সাৰাংথেমে শনিবাৰে সংবাদ মাধ্যমক  জনাই , চৰকাৰী শাসনযন্ত্র উগ্রপন্থীৰ গ্রেপ্তাৰ কৰিবলৈ সম্পুৰ্ণ ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিততেই  ছাত্ৰ সংগঠনটোৱে  ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথ ৪ দিন ৪ ঘন্টা ( ১০০ ঘন্টা ) অৱৰোধৰ আহব্বান জনাইছে। উল্লেখ্য যে ইম্ফল-জিৰিবাম ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথত ১০০ ঘন্টীয়া  অৱৰোধ আৰম্ভ হোৱাৰ ফলত পথত ভীৰ কৰিছে প্রায় হাজাৰোধিক মালবাহী ট্রাক।

প্রদীপ্ত পুরকায়স্থ, কাটিগড়া, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here