Wednesday, March 22, 2023
HomeAssameseমণিপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

মণিপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

মণিপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

চুবুৰীয়া ৰাজ্য, মেঘালয়, মণিপুৰ, অৰুণাচলতো অব্যাহত আছে ধাৰাসাৰ বৰষুণ ।এইবাৰ মণিপুৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । বুধবাৰে নিশা অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ ননী জিলাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। মণিপুৰত বৰষুণৰ মাজতে ২৯ জুনৰ মাজনিশা ননী জিলাত সংঘটিত হৈছে প্ৰচণ্ড ভূমিস্খলন। জানিব পৰা মতে জিৰিবামৰ পৰা ইম্ফললৈ নির্মাণ কৰি থকা ৰে’লপথ সুৰক্ষিত কৰিবলৈ ৰাজ্যখনৰ ননী জিলাৰ টুপুল ৰে’লৱে ষ্টেচনৰ সমীপত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মী কোম্পানীটোৱে আশ্ৰয়লৈ থকা অৱস্থানত ভূমিস্খলনটো হৈছে৷ মণিপুৰত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনে ৭ জনকৈ সেনা জোৱানৰ লগতে কেইবাজনো শ্ৰমিকৰ প্ৰাণ কাঢ়িলে। ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ ৰে’ল প্ৰকল্পৰ নিৰ্মীয়মাণ টুপুল ষ্টেচনত বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত নিমিষতে মৃত্যু উপত্যকাত পৰিণত হয়। মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত অসমৰ দুগৰাকীকৈ লোকৰ মৃত্যু। নিহত লোক দুগৰাকীৰ এগৰাকী মৰিগাঁও লাহৰিঘাটৰ শ্ৰমিক আৰু আন গৰাকী বজালীৰ সেনা জোৱান জিয়াৰুল ইছলাম। মণিপুৰৰ ভমিস্খলনত বুধবাৰে নিশা প্ৰাণ হেৰুৱাই জিয়াৰুল ইছলামে। কৰ্তব্যৰত অৱস্থাত ভূমিস্খলনত প্রাণ হেৰুৱায় জোৱানজনে। শুক্ৰবাৰে জোৱানজনৰ নশ্বৰদেহ অনা হৈছে নিজ বাসগৃহলৈ।
৯ বছৰ পূৰ্বে সেনা বাহিনীত যোগদান কৰিছিল জিয়াৰুলে।
২৯ বছৰীয়া সেনা জোৱানজনৰ মৃত্যুত বজালীত গভীৰ শোকৰ ছাঁ পৰিছে। ইফালে এই ঘটনাত মৰিগাওঁ জিলাৰ লাহৰিঘাট সমষ্টিৰ ১৭ জনকৈ শ্ৰমিকো নিৰুদ্দিষ্ট হৈ আছে।টুপুল ষ্টেচনৰ কামত নিয়োজিত হৈ আছিল শ্ৰমিক সকল। ঘটনাস্থলীত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

News Desk, Ne India News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments