ডুমডুমা FACEBOOK  কাণ্ডৰ মুখ্য অভিযুক্ত মহম্মদ অাজিজ খানক আটক

0
954

NEWS DESK NE INDIA : বৰহাপজান FACEBOOK  কাণ্ডৰ মুখ্য অভিযুক্ত মহম্মদ অাজিজ খানক আটক কৰিবলৈ অৱশেষত সক্ষম হ’ল আৰক্ষীয়ে। মূল অভিযুক্ত আজিজৰ লগতে  অান তিনিজন অভিযুক্তকো অাটক কৰে আৰক্ষীয়ে। ধৃত অভিযুক্ত  কেইজন ক্ৰমে, মহম্মদ হাবিবুল্লা, চবিৰ হুছেইন অাৰু মহম্মদ নাছিম বুলি চিনাক্ত কৰিছে প্ৰশাসনে। অাৰক্ষীয়ে মূল অভিযুক্ত অাজিজ খানক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ডিব্ৰুগড়ৰ পৰা অাটক কৰে। উল্লেখযোগ্য যে, অভিযুক্ত মহম্মদ অাজিজ খানে FACEBOOK যোগে এটা বিশেষ ধৰ্মৰ আৰাধ্য দেৱক  লৈ  এক অশ্লীল মন্তব্য প্ৰদান কৰিছিল। যাক লৈ ডুমডুমা অঞ্চলত সংঘটিত হৈছিল দুটা বিশেষ সম্প্ৰদায়ৰ কিছু লোকৰ মাজত সংঘৰ্ষৰ। যি অৱস্থাক প্ৰতিহত কৰাৰ বাবে আৰক্ষী বিভাগে লাঠিচাৰ্জ কৰিব লগীয়া হৈছিল উপদ্ৰৱকাৰীসকলৰ ওপৰত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here