Tuesday, May 23, 2023
HomeUncategorizedমজজিদৰ লাউড স্পীকাৰ সম্পৰ্কত প্ৰসিদ্ধ গায়িকা অনুৰাধা পডোৱালে কি কলে

মজজিদৰ লাউড স্পীকাৰ সম্পৰ্কত প্ৰসিদ্ধ গায়িকা অনুৰাধা পডোৱালে কি কলে

মহাৰাষ্ট্ৰত মজজিদৰ লাউড স্পীকাৰ বিতৰ্কই ক্ৰমে তীব্ৰ ৰুপ লৈছে । মজজিদৰ পৰা লাউডস্পীকাৰ আতৰাবলৈ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা ( MNS) ৰ অধ্যক্ষ ৰাজ ঠাকৰেই ৩ মেলৈ সময়সীমা বান্ধি দিছিল । অন্যথা মজজিদ সমুহৰ সন্মুখত হনুমান চালিচা পাঠ কৰিব বুলি হুমকি দিছিল । ৩ মেৰ সময়সীমা অতিক্ৰম কৰাৰ পিচত আৰু অধিক আক্ৰমণত্মাক হৈ পৰিছে ৰাজ ঠাকৰে । মজজিদৰ লাউড স্পীকাৰ আঁ‌তৰোৱাৰ ক্ষেত্ৰত বা লাউড স্পীকাৰৰ শব্দ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ শিৱসেনা চৰকাৰৰ উদাসীনতাত ৰাজনৈতিক উত্তাপ ক্ৰমে বৃদ্ধি পাইছে । হনুমান চালিচা পাঠ কৰা বাবে ইতিমধ্যে কেবাগৰাকীও MNS সমৰ্থকৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে গোচৰ ৰুজু কৰিছে ।
ইয়াৰ মাজতে বলিউডৰ জনপ্ৰিয় গায়িকা অনুৰাধা পডোৱালৰ এক মন্তব্য প্ৰকাশ পাইছে । মজজিদত আজানৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞ আৰোপ কৰিবলৈ দাবী গায়িকা অনুৰাধা পডোৱালৰ । হেজাৰৰো অধিক সুমধুৰ গীতত কন্ঠ দান কৰা জনপ্ৰিয়া গায়িকা গৰাকীয়ে কয় , ভাৰতত আজানৰ বাবে লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ।
সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত গায়িকা গৰাকী লগতে কয় , মই বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছো । মই এনেকুৱা কতো দেখা , যিবোৰ ভাৰতত হয় । আনকি ইচলামিক ৰাষ্ট্ৰতো লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞ আছে । যদিহে ইচলামিক ৰাষ্ট্ৰ সমুহেই লাউডস্পীকাৰ ব্যৱহাৰৰ বাবে উৎসাহিত নকৰে , ভাৰতত ইয়াৰ প্ৰয়োজনীয়তা কি ?
প্ৰসিদ্ধ গায়িকা গৰাকীয়ে লগতে কয় , মই কোনো ধৰ্মৰ বিৰোধী নহয় । যদি মুচলাম সমাজে আজানৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰ বন্ধ নকৰে , আনসকলেও লাউডস্পীকাৰত হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিব । তেতিয়া কিন্ত সমাজত এক অশুভ পৰিবেশৰ সৃষ্টি হব ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments