মঙলদৈ প্ৰেছ ক্লাবে অতিক্ৰম কৰিলে ২৮টা বছৰ ৷ আজি মঙলদৈ প্ৰেছ ক্লাৱৰ সভাগৃহত জিলাখনৰ বহু কেইজন ব্যক্তিৰ উপস্থিতিত মুকলি সভা আৰু সম্বৰ্ধনা সভা অনুস্থিত হয় ৷
মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱাই পতাকা উত্তোলনৰ জৰিয়তে দিনৰ কাৰ্যসূচী আৰম্ভণি কৰে ৷ Assam talksৰ BTR ব্ৰুৰচীফ অখিল কলিতাই কাৰ্য্যসূচীৰ স্মৃতি তৰ্পণ কৰে ৷
মুকলি আৰু সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে শিক্ষাবিদ ফুলেন্দ্ৰ নাথ চহৰীয়া , দৰং জিলা আৰক্ষী অধিক্ষক ৰাজমোহন ৰায়ৰ লগতে জিলাখনৰ কেইবাটাও দল সংগঠনৰ নেতৃত্ব ৷ প্ৰবীন সাংবাদিক ড° জামালুদ্দিন আহমেদ আৰু হৰেন কলিতাক জনালে সম্বৰ্ধনা ৷ সত্যনিষ্ঠ বাতৰি পৰিবেশন কৰাতো সাংবাদিকৰ বাবে প্ৰত্যাহ্বান বুলি মন্তব্য ফুলেন্দ্ৰ নাথ চহৰীয়াৰ ৷ লগতে মঙলদৈৰ এছ পি ৰাজমোহন ৰায়ে সাংবাদিক সমাজৰ পথ প্ৰদৰ্শক বুলি মন্তব্য কৰে।
পংকজ সৰকাৰ, মঙলদৈ, Ne India News