Saturday, March 18, 2023
HomeAssameseমঙ্গলদৈত SCC-ৰ দৰং জিলা সমিতি গঠন

মঙ্গলদৈত SCC-ৰ দৰং জিলা সমিতি গঠন

মঙ্গলদৈত SCC-ৰ দৰং জিলা সমিতি গঠন

মঙ্গলদৈত ৰাজ্যখনৰ অন্যতম শিক্ষামূলক অনুষ্ঠান ষ্টুডেন্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন। কাৰ্যসূচীত ভাগ লৈ এছ চি চি ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন আৰু সাধাৰন সম্পাদক শ্ৰী সঞ্জয় শৰ্মাই ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ কাৰণে এটি সু খবৰ দিয়ে। ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে যিহেতু NCC ৰ সুবিধা নাপায়।গতিকে ছাত্ৰ ছাত্ৰী সকলক শাৰীৰিক মানসিক নৈতিক ও আধ্যাত্মিক দিশত আগবঢ়াই লৈ যোৱাৰ অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহত বিনামূলীয়াকৈ এছ চি চি ইউনিট দিব বুলি জানিব দিয়ে । ৰাজ্যৰ ইচ্ছুক ব্যক্তি সকলক এছ চি চি ৰ ৰাজ্যিক সমিতিৰ সৈতে যোগাযোগ কৰিব অনুৰোধ ও জনায়।আনহাতে যোৱা ২০ জুলাই তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এছ চি চি নিমন্ত্ৰণ জনায় এছ চি চি সন্দৰ্ভত বিতংকৈ জানি এছ চি চি ৰ সমস্যা সমূহ কম দিনৰ ভিতৰত সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে ।

আনহাতে, এছ চি চি ৰ ৰাজ্যিক উপ সভাপতি মস্তফা কামাল আৰু আবু তালেব আহমেদ,ৰাজ্যিক প্ৰশিক্ষণ বিভাগৰ মুৰব্বী হিৰামণি ৰাহমাৰ,খুচবাৰ আলীৰ নেতৃত্বত দৰং জিলা সমিতি খন গঠন কৰি সাধাৰণ সম্পাদক শ্ৰী সঞ্জয় শৰ্মা আৰু ৰাজ্যিক সভাপতি ছাব্বিৰ হুচেইনে দায়িত্ব প্ৰদান কৰে।নৱনিৰ্বাচিত জিলা সভাপতি অঞ্জন কুমাৰ গোস্বামী, সাধাৰণ সম্পাদক ইমদাদুল ইছলামক লৈ মুঠ ৩৫জন বিষয় ববীয়াৰে এছ চি চি ৰ দৰং জিলা সমিতিখন গঠন কৰা হয়।

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments