মঙ্কিপ্ৰক্সৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে কেৰেলাত
মাঙ্কিপক্সে খোজ পেলালে ভাৰতত । মাঙ্কিপক্সৰ প্ৰথমজন ৰোগী ধৰা পৰিছে কেৰেলাত ।
কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয় যে বিদেশৰ পৰা উভতি অহা এজন ব্যক্তিৰ দেহত এই লক্ষণ সমূহ দেখাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এতিয়া লৈকে ৬৩ খন দেশত মঙ্কি পক্সৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। দ্ৰুত গতিত বাঢ়ি আহিছে মাঙ্কি পক্সৰ ঘটনা।
এই ৰোগৰ লক্ষণসমুহ কি? সেইটো জনাটো গুৰুত্ব পূৰ্ণ। বিশেষজ্ঞৰ মতে , মাঙ্কি পক্সৰ তীক্ষ্ণ দাঁত থকা জন্তুৰ দেহত বেছিকৈ দেখা পোৱা যায়।যাৰ ভিতৰত নিগনি, কেৰ্কেটুৱা আদি। এনে সংক্ৰমিত জন্তুৱে কামোৰিলে বা সংস্পশলৈ আহিলে ও এই ৰোগ সংক্ৰমণ হব পাৰে।
মঙ্কি পক্সৰ লক্ষণ_ গা খোজৱতি ,
জ্বৰ, গাৰ বিষ আদি থকা বসন্তৰ দৰে এক ৰোগ। ইয়াৰ উপৰি মূৰৰ বিষ , পেশীৰ বিষ সমস্যাবোৰ লক্ষণ হিচাবে দেখা যায়। বিশেষজ্ঞ সকলৰ মতে এই ৰোগ দুইৰ পৰা চাৰি সপ্তাহ ধৰি থাকিব পাৰে। এই ৰোগৰ লক্ষণ দেখা দিলে কেইদিন মানৰ পিছত শৰীৰৰ বিভিন্ন অংশলৈ এই ৰোগ বিয়পিব পাৰে।
National Desk , Ne India News