মঙলদৈ চহৰৰ চিৰা বজাৰ কন্টেইন্টমেন জ’ন ঘোষণা

0
24

মঙলদৈ চহৰৰ চিৰা বজাৰ কন্টেইন্টমেন জ’ন ঘোষণা

দৰঙত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ দেওবাৰে পুনৰ ১০ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগে লগে দৰঙত ক’ৰনা ৰোগীৰ সংখ্যা ২০৩ জনলৈ বৃদ্ধি হয় ৷ মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঘোষ চুইটচ্ ৰ মুন্নাছ আলি নামৰ এগৰাকী কৰ্মচাৰী আক্ৰান্ত হোৱাত চহৰ খনত আতংকৰ সৃষ্টি হয় ৷চিৰা বজাৰত থকা দুলাল ঘোষ ৰ “ঘোষ চুইটচ্” ৰ এগৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড ১৯ উপস্থিতি ধৰা পৰা পাছতেই প্ৰশাসনে কন্টেইন্টমেন জোন হিচাপে ঘোষনা কৰে ৷চিৰা বজাৰৰ ১০০ মিটাৰ এলেকা প্ৰশাসনে কন্টেইন্টমেন জোন হিচাপে ঘোষনা কৰে ৷লগতে বজাৰ অঞ্চলত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ।

https://youtu.be/tdAhT7xAroQ?t=45

পংকজ সৰকাৰ , মঙলদৈ , Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here