Sunday, March 26, 2023
HomeAssameseমঙলদৈ আৰক্ষীৰ সফলতা

মঙলদৈ আৰক্ষীৰ সফলতা

২৪ ঘণ্টা নৌহওঁতেই কৰায়ত্ত চোৰ ৷

উদ্ধাৰ কৰিলে চোৰ হোৱা গৰু ৷

চোৰৰ পৰিৰোৱা মোবাইলৰ পম খেদি কৰায়ত্ত কৰিলে চোৰ ৷

মঙলদৈ চহৰৰ নিকতবৰ্তী মেধিপাৰা গাঁৱৰ পৰা ২ জুনৰ নিশা প্ৰায় ২-০০ বজাত তলা ভাঙি ৩ টা গৰু চোৰে লৈ যায় ৷

পিচদিনা পৰিয়ালৰ লোকে গোহালিত পৰি ৰোৱা চোৰৰ মোবাইল এটা প্ৰত্যক্ষ কৰি আৰক্ষীক গতাই দিলে ৷

মঙলদৈ সদৰ আৰক্ষীয়ে তৎপৰতাৰে মোবাইল ফোনৰ পমখেদি ২৪ ঘণ্টা নৌহওঁতেই কৰায়ত্ত কৰিলে চোৰ ৷

মঙলদৈ থানাত চোৰ হোৱা গৰুক গৃহস্থই দেখি সেৱা জনাই কান্দি কান্দি খুৱালি ঘাঁহ ৷

কৰায়ত্ত কৰা গৰুচোৰকেইটা কেইটা হ’ল খাৰুপেটীয়া নগাজানৰ আব্বাছ আলি, মঙলদৈ বান্দিয়া চাপৰিৰ লালমিয়া আৰু নাজিৰ আলি ৷

এই চুৰি কাণ্ডৰ লগত এটা বৃহৎ চক্ৰ জৰীতৰ সন্দেহ সচেতন ৰাইজৰ ৷

পংকজ চৰকাৰ, মঙলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments