Home Assamese মঙলদৈ আৰক্ষীয়ে কৰায়ত্ত কৰিলে এজন ড্ৰাগছ ব্যৱসায়ীক

মঙলদৈ আৰক্ষীয়ে কৰায়ত্ত কৰিলে এজন ড্ৰাগছ ব্যৱসায়ীক

70

মঙলদৈ আৰক্ষীয়ে কৰায়ত্ত কৰিলে এজন ড্ৰাগছ ব্যৱসায়ীক

ড্ৰাগছ ব্যৱসায়ী জন মঙলদৈ ৮নং ৱাৰ্ডৰ আব্দুল আটাউৰ ৰেকিব ওৰফে বিকি ৷ মঙলদৈ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷
মঙলদৈ আৰক্ষীৰ উপ পৰিদৰ্শক কৰবি শইকীয়াৰ নেতৃত্বত যোৱা এটি দলে মঙলদৈ খাৰুপেটীয়া বাছ ষ্টেণ্ডত এজন ড্ৰাগছ ব্যৱসায়ী আতক কৰিলে ৷ Govt of Assam লিখা AS13p 5616 নম্বৰৰ এখন চুইফট ডিজিয়াৰ বাহনত উদ্ধাৰ কৰে ২৩টা কফ্‌ চিৰাপৰ বটলৰ লগতে কেইবা ফাইলো নিচাজাতীয় টেবলেট আৰু এটা মোবাইল ৷
আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জনৰ বিৰুদ্ধে এটি কিচ ৰুজু কৰি শোধপোছ অব্যাহত ৰাখিছে ৷

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here