Friday, May 26, 2023
HomeAssameseমঙলদৈত ভূমাফিয়াৰ দপদপনি ! হাবিৰ মাজত বান্ধি হত্যা কৰাৰ অপচেষ্টা কংগ্ৰেছ নেতাক

মঙলদৈত ভূমাফিয়াৰ দপদপনি ! হাবিৰ মাজত বান্ধি হত্যা কৰাৰ অপচেষ্টা কংগ্ৰেছ নেতাক

মঙলদৈ চহৰৰ দাতিকাষৰীয়া চৰকাৰী ভুমি সমুহ অবৈধভাৱে বিভিন্ন জনে দখল কৰি ৰাখিছে ৷ যাৰ ফলত কোনো চৰকাৰী আচনি ৰূপায়ণ কৰিবলৈ মাটিৰ অভাব চহৰখনত ৷ কেইদিনমান আগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ অভাৱত দৰং জিলাত চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ প্ৰতিস্থা কৰিব পৰা নাই বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল ৷ তেনে সময়তে কিছুমান ভূমাফিয়াই বলেৰে চৰকাৰী ভূমি হস্তগত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ঘটনাৰ বিবৰণ অনুসৰি চন্দন দাসে চৰকাৰী মাটিত কিয় বেৰ দিছে বুলি সোধাৰ পিচতে পুতু দাস আৰু ৰমা কান্ত দাসে উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে ৰচিৰে বান্ধি হাবিৰ মাজত পেলাই হত্যা কৰাৰ পৰিকল্পনা কৰাৰ সময়ত ওচৰ চুবুৰীয়াই দেখি আৰক্ষীক খবৰ দিলে ৷কথমপি ৰক্ষা পৰিল কংগ্ৰেছ নেতা চন্দন বৰুৱা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments