মংগলদৈত সামাজিক দূৰত্বৰ নীতি – নিয়ম ভংগ কৰিলে একাংশই

0
474

মংগলদৈত সামাজিক দূৰত্বৰ নীতি – নিয়ম ভংগ কৰিলে একাংশই

গুৱাহাটীত সামূহিক সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়ত lockdown ৰ ব্যৱস্থা কৰিছে চৰকাৰে।তেনে সময়ত দৰঙৰ এটি চৰকাৰী কাৰ্য্যালয়ত ভিৰ চাওক।এয়া কোনো অশিক্ষিত লোক নহয়, এওঁলোক শিক্ষিত যুৱক যুৱতী। এইটো দৰঙৰ চৰকাৰী নিয়োগ বিনিময় কাৰ্যলয়।ইয়াতে নাম পঞ্জীয়ন আৰু পঞ্জীয়ন নবিকৰণ কৰিব অহা যুৱক যুৱতী সকলে গাত গা লগাই শাৰী পাতি থকা দৃশ্যই সচেতন মহলক স্তম্ভিত কৰি তুলিছে।Covid 19 ৰ ভয়াবহতা ৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখা বাধ্যতা মূলক যদিও সেয়া পাহৰি গৈছে যুৱক যুৱতী সকলে।বহুতে পিন্ধা নাই mask। পিছত আৰক্ষী আহি হে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব লগা হৈছে।
মংগলদৈ,পংকজ চৰকাৰ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here