ৰেল বিভাগৰ চূড়ান্ত কাণ্ডজ্ঞানহীন কাৰ্য । নিশা এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ডুমডুমাৰ ৰূপাই অঞ্চলত ।
ডুমডুমাৰ সমীপৰ ৰূপাই তিনিআলিত নিশা ৰেল ক্ৰচিংত গেট নিদিয়াকৈ ৰেল চলাচল কৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল কেইবাজনো লোক,নিশা ডিব্ৰু-ডাঙৰী ৰেল চলাচলৰ সময়ত এই ঘটনা । সৌভাগ্যক্ৰমে ৰক্ষা পৰে এখন বাহনত থকা কেইবাগৰাকীও যাত্ৰী । ৰেলখনত থকা বিষয়া-কৰ্মচাৰী আৰু দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰা বাহনখনৰ যাত্ৰীৰ মাজত তৰ্কা-তৰ্কি । ডুমডুমাৰ ৰূপাই তিনিআলিত থকা ৰেল ক্ৰচিংত সংঘটিত হৈছে এই আজব কান্দ ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News