ভূমিকেন্দ্ৰীক বিবাদকলৈ লংকাৰ ফুলতলিত প্ৰচণ্ড মাৰপিট

0
1170

NE INDIA NEWS:  ১ ছেপ্তেম্বৰৰ দিনা লংকাৰ ফুলতলিত  ভূমিকেন্দ্ৰীক বিবাদক লৈ সংঘটিত হয় এক বৃহৎ তয়া-ময়া ৰণৰ | প্ৰাপ্ত তথ্য  অনুসৰি লংকাৰ ফুলতলিত এখন দোকানৰ ভূমিক কেন্দ্ৰ কৰি প্ৰথমাৱস্থাত দুই ফৈদৰ লোকসকল তৰ্কাতৰ্কিত লিপ্ত হয় | পৰিস্থিতি যেতিয়া উত্তপ্ত হয় তেতিয়া সেই তৰ্কাতৰ্কিয়ে কাজিয়াৰ ৰূপ লয় ৷ ঘটনাটোৱে   ইমানেই ভয়ানক ৰূপ লয় যে, দুই পক্ষৰ লোকসকলে হাতে হাতে লাঠি ,ৰদ লৈ অন্য দলৰ লোকসকলক আক্ৰমণ কৰিবলৈ উদ্বাউল হৈ পৰে । উভয় পক্ষৰ মাজত চলা তয়া- ময়া আক্ৰমণৰ ফলত তিনিজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় |  জানিব পৰা মতে, আহত লোকসকল হ’ল ক্ৰমে ৰেহানা বেগম, ফাৰুক আহমেদ আৰু ৰুকচানা বেগম । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰন হৈ পৰে ৷আনহাতে  আৰক্ষীয়ে আহত আটাইকেইজনক উদ্ধাৰ কৰি লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই, যদিও লোককেইজনৰ অৱস্থা গুৰুতৰ হোৱাত আটাইকেইজনক নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় |

https://youtu.be/ROK5Sex50Vw?t=22

মনজ্যোতি মুদৈ লংকা NEINDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here