ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ এক অভিনৱ ছবি

0
824

INTERNATIONAL DESK NE INDIA : প্ৰেম হ’ল এনে এটা  অনুভৱ যাক পাৱলৈ মানুহে ৭ সাগৰ ১৩ নৈ অতিক্ৰম কৰিব  পাৰে। প্ৰেমে নামানে কোনো বয়স তথা  কোনো দেশৰ সীমা। প্ৰত্যেক মানুহে হেনো নিজৰ জীৱনকালত এবাৰলৈ হলেওঁ প্ৰেমত পৰে । নিজৰ প্ৰেমিকা বা প্ৰেমিকৰ বাবে সকলোৱে যিকোনো ঘাট প্ৰতিঘাটকো নেওচি আগুৱাই যাব পাৰে। আনহাতে ইজনে আনজনৰ কষ্ট হোৱাটো কেতিয়াওঁ নিৱিচাৰে। এনে প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন  দাঙি ধৰিলে ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছেৰিং তোৱগেই। সদ্যহতে প্ৰধানমন্ত্ৰীগৰাকীৰ এখন ছবিয়ে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ছ’চিয়েল মিডিয়াত। যি ছবিত পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ পত্নীক বোকাৰে ভৰা পথত খোজকাঢ়ি যোৱাৰ পৰা আতৰত  ৰখাৰ বাবে  নিজৰ কান্ধত তুলি লৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে  সদৰি কৰি কয় যে মই যি কৰিছো এনে কাৰ্য্য প্ৰত্যেকজন স্বামীয়ে নিজৰ পত্নীৰ দু-ভৰি পৰিস্কাৰ কৰি ৰখাৰ বাবে কৰাটো প্ৰয়োজনীয়। উল্লেখযোগ্য যে, ছেৰিং তোৱগে হৈছে ভূটান দেশৰ সপ্তমগৰাকী  প্ৰধানমন্ত্ৰী । যিয়ে ২০১৩ চনৰ পৰা ২০১৮ চনলৈ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here