ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণ : শ্বহীদ হল অসম ৰাইফলছৰ ৩ জোৱান

0
218

ভাৰত-ম্যানমাৰ সীমান্তত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণ : শ্বহীদ হল অসম ৰাইফলছৰ ৩ জোৱান

ভাৰত-ম্যানমাৰ সীমান্তৰ মণিপুৰৰ চাণ্ডেল চাজিল টম্পকত সন্ত্ৰাসবাদীৰ দলে আক্ৰমণ কৰে ভাৰতীয় সেনাৰ ওপৰত৷ সন্ত্ৰাসবাদীয়ে প্ৰথমে আইইডি বিস্ফোৰণ কৰে আৰু ইয়াৰ পাছতে সেনাৰ ওপৰত উপৰ্যুপৰি গুলীবৰ্ষণ কৰে৷এই আক্ৰমণত অসম ৰাইফলছৰ ৩ জন জোৱান নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷ ঘটনাস্থলিলৈ অতিৰিক্ত সেনা দল প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ম্যানমাৰ সীমান্তৰ এই সন্ত্ৰাসবাদী দলসমূহে দীৰ্ঘদিন ধৰি চীনৰপৰা লাভ কৰি থকা ধন আৰু অস্ত্ৰ সাহায্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সন্ত্ৰাসবাদী কাৰ্য-কলাপ চলাই আহিছে৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here