ভাৰত ভূটান সীমান্তত নেপালী লোক নৃত্য কৰ্মশালাৰ সামৰণি

10

ভাৰত ভূটান সীমান্তত নেপালী লোক নৃত্য কৰ্মশালাৰ সামৰণি

বিটিআৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, তামুলপুৰৰ সহযোগত তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ গোপীনাথপুৰত যোৱা ১২ জুলাইৰ পৰা আৰম্ভ হোৱা নেপালী লোক নৃত্যৰ কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে । তামুলপুৰ মহকুমা সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়নে সামৰণি অনুষ্ঠান উপলক্ষে আয়োজিত সভাখন উদ্বোধন কৰে ।


উদ্বোধনী ভাষণত যুগান্ত বায়নে কয় সম্প্ৰতি আমাৰ সমাজৰ বিভিন্ন জনগোষ্ঠীৰ উঠি অহা একাংশ নৱ প্ৰজন্ম নিজ লোক সংস্কৃতিৰ প্ৰতি উদাসীন ৷ আমাৰ নৱ প্ৰজন্মক নিজৰ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে বিভিন্ন লোক সংগীতৰ প্ৰতি আগ্ৰহী কৰিবলৈ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ যাতে নৱ প্ৰজন্মৰ মাজত নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি উৎসাহ বৃদ্ধি পায় ।
শনিবাৰৰ এই সামৰণি অনুষ্ঠানতে ৪৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ।

Ne India News নিজা প্ৰতিনিধিৰ ৰিপোৰ্ট , তামুলপুৰ

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here