ভাৰত বাংলাদেশৰ মাজত ফ্ৰেণ্ডশ্বিপ পাইপলাইন

0
845
INTERNATIONAL DESK NE INDIA: ১৩০ কিলোমিটাৰৰ ভাৰত  বাংলাদেশৰ মাজত ফ্ৰেণ্ডশ্বিপ পাইপলাইন ৷ মংগলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ সহযোগিতাত উদ্বোধন কৰা এই পাইপলাইনে সংযোগ ঘটাব ভাৰতৰ ৱেষ্ট বেংগলৰ শিলিগুৰিত আৰু বাংলাদেশৰ দিনাজপুৰ জিলাৰ পাৰ্বতিপুৰত ৷ এই ৩৪৫কোটি টকীয়া  প্ৰজেক্ট সম্পূৰ্ণ হ’ব প্ৰায় ৩০মাহৰ ভিতৰত ৷ উল্লেখযোগ্য যে
দুয়োখন দেশে পাইপলাইনৰ বাবে চুক্তিবদ্ধ হৈছিল  বিজয় গোখলেৰ ঢাকা ভ্ৰমণৰ সময়ত৷ এই পাইপলাইনৰ সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ৰী গৰাকীয়ে সদৰি কৰি কয় যে ,এই পাইপলাইনে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰি তুলিব আৰু লগতে সমগ্ৰ দেশৰ বাবে এক উদাহৰণ হৈ ৰ’ব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here