ভাৰত-পাকিস্তানৰ দ্বি-পাক্ষিক আলোচনা

0
1838
NATIONAL DESK NE INDIA:  ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষিক আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ৷ এই পত্ৰ প্ৰেৰণৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ মাজত আলোচনাৰ পোষকতা কৰে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনাইছে কৈছে “আহক আমি আলোচনা কৰো আৰু এই সমস্যাবোৰৰ সমাধানৰ পথ উলিয়াও৷”অন্যহাতে ১৪ ছেপ্টেম্বৰত এই পত্ৰখন প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিলৈ এক পৰিক্ৰমা অতিক্ৰম কৰা ইমৰান খানে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক তেওঁক জনোৱা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। ২০ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে এখন পত্ৰযোগে গঠনমূলক আলোচনাৰ পোষকতা কৰিছিল। উল্লেখযোগ্য যে, ২০১৬চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ পৰা ভাৰত-পাকিস্তানৰ মাজত সকলো ধৰণৰ আলোচনা বন্ধ হৈ আছিল। লক্ষণীয় যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ লৈয়ে ইমৰান খানে তেওঁৰ প্ৰথম ভাষণতে ভাৰতৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক উন্নত কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল’ব বুলি উল্লেখ কৰিছিল। পত্ৰখনত পাকিস্তানে সন্ত্ৰাসবাদৰ সন্দৰ্ভত ভাৰতৰ সৈতে  আলোচনা কৰিবলৈ সদায় প্ৰস্তুত বুলি উল্লেখ কৰিছে ইমৰান খানে ৷উল্লেখ্য যে,২৫ ছেপ্তেম্বৰৰ পৰা নিউয়কত হ’বলগীয়া সংযুক্ত ৰাষ্ট্ৰ মহাসভাত ভাৰত-পাক দুয়োখন ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ লগত মত বিনিময় কৰাৰ প্ৰস্তাৱ ৰাখে পাকিস্তান চৰকাৰে ৷ লগতে ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীৰ উপৰি মহাসভাখনত উপস্থিত থাকিব বহু ৰাজনৈতিক বিষয়া ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here