ভাৰতৰ ৩৩ নং বৈদেশিক সচিব নিযুক্ত! সবিশেষ NE India ৰ প্ৰতিবেদনত

0
350

ভাৰতৰ ৩৩ নং বৈদেশিক সচিব নিযুক্ত! সবিশেষ NE India ৰ প্ৰতিবেদনত

IFS বিষয়া হৰ্ষবৰ্ধন শৃংগলাই বুধবাৰে ৩৩ নং বৈদেশীক সচিব পদৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে। শৃংগলা ১৯৮৪ চনৰ পীঠৰ ISF বিষয়া আছিল। ইয়াৰ পূৰ্বে হৰ্ষ বৰ্ধন শৃংগলা আমেৰিকাত ভাৰতৰ ৰাজদুত হিচাপে নিযুক্ত আছিল। বৈদেশিক সচিব পদৰ দায়িত্ব ভাৰ গ্ৰহণ কৰি মনৰ ভাৱ বিনিময় কৰি শৃংগলাই কয় যে, ৩৬ বছৰ পূৰ্বেই তেওঁ দেশ সেৱাত ব্ৰতি হৈছিল। তেওঁ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ পদ চিহ্নৰে কাৰ্যসমূহ সম্পন্ন কৰিব বিচাৰে।

                                 উল্লেখ্য যে, হৰ্ষ বৰ্ধন শৃংগলাক ভাৰতৰ নতুন বৈদেশিক সচিব হিচাপে নিযুক্তি কৰাৰ কথা মঙ্গলবাৰেই বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। আনহাতে, বৰ্তমান আমেৰিকাত ভাৰতৰ ৰাজদুত হিচাপে নিযুক্ত কৰা হৈছে তৰণজিৎ সিং সিন্ধুক।
                                   ১৯৬২ চনৰ ১ মে’ত জন্ম গ্ৰহণ কৰিছিল হৰ্ষ বৰ্ধন শৃংগলাই। শৃংগলা হৈছে বৰ্তমানৰ ৩৩ নং বৈদেশিক সচিব। বিদেশ মন্ত্ৰালয়ত সংযুক্ত সচিব পদত নিযুক্ত হৈ বৰ্তমানলৈ শৃংগলাই বাংলাদেশ, ম্যানমাৰ, মালদ্বীপ আৰু শ্ৰীলংকাৰ দায়িত্ব ভাৰ পালন কৰি আহিছে।

National desk NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here