ভাৰতৰ পৰা পলায়নৰ পূৰ্বে অন্য দেশৰ নাগৰিকত্ব লোৱাৰ চেষ্টা নীৰৱ মোদীৰ

0
720

NATIONAL DESK NE INDIA : পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ মূল অভিযুক্ত নীৰৱ মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰাৰ আগতে আন দেশৰ নাগৰিকত্ব লোৱাৰ চেষ্টা চলাইছিল। INDIAN EXPRESSৰ প্ৰকাশিত খবৰ অনুসৰি এই কথা পোহৰলৈ আহে – নীৰৱ মোদীয়ে বেংক কেলেংকাৰীৰ কথা ফাদিল হোৱাৰ ৩-৪ মাহ আগতে বনুআতু দ্বীপৰ নাগৰিকত্ব লোৱাৰ চেষ্টা চলাইছিল। নাগৰিকত্ব লাভ কৰিবলৈ নীৰৱ মোদীয়ে ২০১৭চনৰ নৱেম্বৰত আবেদন কৰাৰ লগতে প্ৰায় ১.৪০কোটি টকা বনুআতুৰ এজেণ্ট এজনক পঠাইছিল। নীৰৱ মোদীয়ে টকা পঠোৱা এজেণ্ট জনে অন্য দেশৰ নাগৰিকক নিজৰ দেশৰ নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছিল। বনুআতুৰ চৰকাৰে নীৰৱ মোদীৰ বিপৰীতে বেংক কেলেংকাৰীৰ তথ্য লাভ কৰাৰ পিছত নাগৰিকত্ব প্ৰদানৰ আবেদন অস্বীকাৰ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here