ভাৰতৰ পৰা ঔষধ বিচাৰি পুনৰ ট্ৰাম্পে ক’লেঃ ঔষধ নপঠিয়াই ভুগিব লাগিব পৰিণাম

0
361
Donald Trump

 

ভাৰতৰ পৰা ঔষধ বিচাৰি পুনৰ ট্ৰাম্পে ক’লেঃ ঔষধ নপঠিয়াই ভুগিব লাগিব পৰিণাম

 

আমেৰিকাত কৰ’না ভাইৰাছে ধাৰণ কৰিছে সংহাৰী ৰূপ। এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা বিচাৰিছে হাইড্ৰ’ক্সীক্লৰ’কুইন ঔষধ।হাইড্ৰ’ক্সীক্লৰ’কুইন ঔষধ মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই ঔষধ ফলপ্ৰসূ বুলি কৈছে চিকিৎসকসকলে। ভাৰত চৰকাৰে দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হ’ব পৰা সংকটপূৰ্ণ পৰিস্থিতিলৈ লক্ষ্য ৰাখি হাইড্ৰ’ক্সীক্লৰ’কুইনৰ ৰপ্তানি ২৫ মাৰ্চত বন্ধ কৰিছিল। ভাৰতে যিকোনো প্ৰকাৰে আমেৰিকাক এই ঔষধবিধ যোগান ধৰাতো বিচাৰিছে ট্ৰাম্পে।
সোমবাৰে পুনৰ সংবাদমাধ্যমক সম্বোধন কৰি ট্ৰাম্পে কয় যে, যদি ভাৰতে আমি বিচৰা হাইড্ৰ’ক্সীক্লৰ’কুইন যোগানৰ অনুৰোধটো ৰক্ষা নকৰে, সেয়া আমাৰ বাবে বৰ আচৰিত কথা হ’ব। লগতে তেওঁ কয়, ‘যদি ভাৰতে অনুৰোধ ৰক্ষা কৰে তেন্তে আমি তেওঁলোকক সহায় কৰিম। যদিহে সহায় নকৰে তেন্তে কোনো কথা নাই। ভৱিষ্যতে তেওঁলোকেও আমাৰ পৰা এনেধৰণৰে প্ৰতিক্ৰিয়া পাব।’
News desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here