অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ খোপা আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-চীন সীমান্তবৰ্তী কাপাপো অঞ্চলৰ পৰা যোৱা ২৯ মে তাৰিখে ভাৰতীয় সেনাৰ ৭নং গড়ৱাল ৰাইফলছৰ দুগৰাকী জোৱান ক্ৰমে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ হৰেন্দ্ৰ নেগী আৰু প্রকাশ সিং ৰাণা সন্ধানহীন হৈ আছে।।
জোৱান দুগৰাকী সন্ধানত ইতিমধ্যে খোপা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।।
ইতিমধ্যে সিমান্তৱৰ্তী অঞ্চলত ভাৰতীয় সেনা, অৰুণাচল প্ৰদেশৰ আৰক্ষী আৰু স্থানীয় লোকসকলৰ সহযোগত সেনা জোৱান দুজনক উদ্ধাৰ বাবে অভিযান অব্যাহত ৰাখিছে।।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India news