ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নৱনিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক গৃহ সমষ্টি মাৰ্ঘেৰিটাত বিপুল সম্বৰ্ধনা 

0
188

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নৱনিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোৱঁৰক গৃহ সমষ্টি মাৰ্ঘেৰিটাত বিপুল সম্বৰ্ধনা 

মাৰ্ঘেৰিটা খণ্ড উন্নয়ণ সভাকক্ষত অনুষ্ঠিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত প্ৰায় চাৰিকুৰি সামাজিক দল সংগঠনে সম্বৰ্ধনা জনালে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ফেডাৰেচনত এনেকুৱা পদ লাভ কৰা একমাত্ৰ ব্যক্তি হিচাপে পৰিগণিত হোৱা লক্ষ্য কোঁৱৰক । সম্বৰ্ধনা গ্ৰহণ কৰি মাৰ্ঘেৰিটাৰ সু – সন্তান কোঁৱৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ হ’কে কাম কৰি যাব বুলি কয়

বিশিষ্ট সমাজসেৱক কৃষ্ণ কুমাৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অদিত গগৈয়ে । কেইবাশতাধিক শুভাকাংশী উপস্থিত থকা সভাখনত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অতুল বৰা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ , সাংবাদিক ৰবীন মৰাণ সমাজসেৱক ৰবীন্দ্ৰনাথ দত্ত আদিয়ে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তব্য ডাঙি ধৰে

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ ৫গৰাকী উপসভাপতিৰ ভিতৰত লক্ষ্য কোঁৱৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।যোৱা ২০ অক্টোৱৰত দিল্লীৰ ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ কাৰ্যালয়ত নিজৰ দক্ষতা অনুযায়ী ব্যক্তিগত শ্ৰেষ্ঠতাৰে ফেডাৰেচনৰ হ’বলগীয়া কাৰ্যনিৰ্বাহকখনৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে৷ইতিমধ্যে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল মতে ৫গৰাকী উপসভাপতিৰ ভিতৰত লক্ষ্য কোঁৱৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা খবৰে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ফেডাৰেচনত এনেকুৱা পদ লাভ কৰা একমাত্ৰ ব্যক্তি হিচাপে পৰিগণিত হয় লক্ষ্য কোঁৱৰ৷ সততে অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ উত্তৰণৰ কাম কৰি থকা লক্ষ্য কোঁৱৰক এই পদৰ প্ৰাপ্তিৰ জৰিয়তে অসমৰ ক্ৰীড়াৰ উন্নতিৰ হকে কাম কৰিবলৈ সুবিধা হ’ব৷ তেওঁ এই নতুন যাত্ৰাৰ জৰিয়তে অসমৰ লগতে ভাৰতীয় এথলেটিকছ ক্ষেত্ৰখন উন্নতিৰ পথত আগুৱাই যাব৷ লক্ষ্য কোঁৱৰলৈ অসম এথলেটিকছ সন্থাৰ লগতে অসমৰ ক্ৰীড়াবিদ তথা অসমৰ ক্ৰীড়াপ্ৰেমীসকলে অভিনন্দন জনাইছে৷ উল্লেখ্য যে লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সম্পাদকৰ পদটোত বৰ্তমানো অধিষ্ঠিত হৈ আছে৷সভাত উপস্থিত থকা বিশিষ্ট ব্যকতিসকলৰ লগতে সাংবাদিকসকলকো সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে ।

https://youtu.be/5SSmMz-fqew

মাৰ্ঘেৰিটা, বাবা নেওগ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here