শনিবাৰে তিনিচুকীয়াৰ গেলাপুখুৰী পথ স্থিত জিলা কংগ্ৰেছ ভৱনত তিনিচুকীয়া যুৱ কংগ্ৰেছৰ উদ্যোগত ইয়ঙগ ইণ্ডিয়া কে বল শীৰ্ষক প্ৰতিযোগিতাৰ শুভ আৰম্ভণি কৰা হয়। সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ উদ্যোগত ভাৰতবৰ্ষৰ যুৱ শক্তিক লৈ ৰাষ্ট্রীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা ৰ ইতিমধ্যে দিল্লীত অনুস্থিত হৈছে । দ্বিতীয় পয্যায়ৰ প্ৰতিযোগিতাৰ বাবে অহা ৩১ মে ভিতৰত প্ৰতিযোগী সকলে আবেদন জনাব পাৰিব বুলি যুৱ কংগ্ৰেছৰ জিলা সভাপতি জুৱেল চিৰিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । এই প্ৰতিযোগিতাত বিভিন্ন জনৰ ভাৰতবৰ্ষৰ সমস্যাৰ ওপৰতকেনেধৰণৰ মন্তব্য আগবঢ়াই
তাৰ ওপৰত গুৰুত্ব দিয়া হব।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News