ভাৰতত ভয়ানক ভূমিকম্পৰ আশংকা বিজ্ঞানীৰ

0
152

ভাৰতত ভয়ানক ভূমিকম্পৰ আশংকা বিজ্ঞানীৰ

২০২০ চনত বিশ্ববাসীয়ে এটাৰ পাছত আন এটা বিপদৰ সমন্মুখীন হ’ব লগা হৈছে।এই বিপদৰ মাজতে বিজ্ঞানী সকলে জনোৱা মতে ভাৰতত এক ভয়ংকৰ বিপদ আহিব পাৰে ।বিজ্ঞানী সকলে চলোৱা এক গৱেষণাত এই কথা পোহৰলৈ আহিছে হিমালয়ৰ কাষৰীয়া অঞ্চলত তীব্ৰ ভূমিকম্প অহাৰ আশংকা প্ৰকাশ কৰিছে।
চিচম’লজিকলে ৰিৰ্চাৰ্ছ লেটাৰ্ছ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাত মাটিৰ অধ্যয়ণ,ৰেডিঅ’ কাৰ্বন বিশ্লেষণৰ পাছত এই কথাৰ অনুমান কৰা হৈছে।তাৰোপৰি বিজ্ঞানীসকলে এই কথা জিঅ’লজিকেল,হিষ্টোৰিকেল আৰু জিঅ’ফিজিকেল তথ্যৰ আধাৰত এই দাবী কৰিছে।

গৱেষক ষ্টীভেন জী ভানোস্কীয়ে প্ৰকাশ কৰিছে যে, হিমালয়ৰ কাষৰীয়া অঞ্চল ভাৰতৰ পশ্চিমৰ পাকিস্তান লৈকে বিস্তৃত হৈ থকা অঞ্চলসমূহত ইয়াৰ প্ৰভাৱ পৰিব।ভাৰতৰ চণ্ডীগড়,ডেৰাডুন আৰু নেপালৰ কাঠমাণ্ডু আদি অঞ্চলত ইয়াৰ প্ৰভাৱ অধিক হব বুলি বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here