ভাৰতত বিনিয়োগ কৰিব গুগলে
ভাৰতত প্ৰায় 75,000 কোটি বিনিয়োগ কৰিব গুগলে ৷ দেশৰ ডিজিটেল অৰ্থনীতি আৰু প্ৰযুক্তিক অনাগত শক্তিশালী কৰাৰ উদ্দেশ্যে এইদৰে ভাৰতত কোম্পানীটোৱে বিনিয়োগ কৰাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে ৷ ভাৰতত জন্মগ্ৰহণ কৰা গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা এক ভাৰ্ছুৱেল আলোচনাত এই কথা প্ৰকাশ কৰে ৷
তেও ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে তেওঁ এই কথা ঘোষণা কৰি, ইয়াক গুগল ফৰ ইণ্ডিয়া ডিজিটাইজেশ্বন ফাণ্ডৰ দ্বাৰা ব্যৱহাৰ কৰা হ’ব বুলি প্ৰকাশ কৰে আৰু ইয়ে ভাৰতৰ ভৱিষ্যত আৰু অৰ্থনীতিক অধিক শক্তিশালী কৰি তুলিব বুলি কয় ৷ অধিকসংখ্যক নতুন প্ৰযুক্তিয়ে ভাৰতত জন্মগ্ৰহণ কৰে আৰু এই প্ৰযুক্তিলৈ ভাৰতত কাম কৰাত গুগলে আৰু অধিক অপেক্ষা কৰিব নিবিচাৰে বুলি পিচায়ে উল্লেখ কৰে ৷গুগলে এই বৃহৎ পৰিমানৰ ধনৰাশি ইকুইটি বিনিয়োগ, পাৰ্টনাৰশ্বীপ, কাৰ্যক্ষম, আন্তঃগাঁথনি আৰু ইকোচিষ্টেম বিনিয়োগৰ দ্বাৰা ভাৰতত ব্যয় কৰিব ৷
ভাৰতৰ নতুন সামগ্ৰী প্ৰস্তুত, ডিজিটেল প্লেটফৰ্মত ব্যৱসায়ক শক্তিশালী কৰি গঢ়ি তোলা, প্ৰযুক্তিখণ্ড আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত স্বাস্থ্যখণ্ড, শিক্ষা আৰু কৃষিৰ ওপৰত এই ধনৰাশি বিনিয়োগ কৰিব গুগলে ৷সুন্দৰ পিচাইৰ সৈতে হোৱা বাৰ্তালাপক লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰে ৷
News Desk, Ne India