ভাৰতত আৰম্ভ হ’ব ৰাছিয়াৰ কোভিড ভেকচিনৰ ট্ৰায়েল

0
94

ভাৰতত আৰম্ভ হ’ব ৰাছিয়াৰ কোভিড ভেকচিনৰ ট্ৰায়েল

ভাৰতত আৰম্ভ হ’ব ৰাছিয়াৰ কোভিড১৯ৰ ভেকচিন স্পুটনিক ফাইভ ট্ৰায়েল ।
ভাৰতীয় প্ৰতিষ্ঠান ডাঃ ৰেড্ডি লেব ৰ তত্ত্বাৱধানত ভাৰতত ৰাছিয়াৰ কোভিড ভেকচিনটোৰ ট্ৰায়েল আৰম্ভ কৰিব।
ডাঃ ৰেড্ডি লেব-এ ৩ অক্টোবৰত ভাৰতত ট্ৰায়েল আৰম্ভ কৰিবলৈ প্ৰথমবাৰ আবেদন কৰিছিল। কিন্তু প্ৰতিষ্ঠানটোৱে ভাৰতৰ চেন্ট্ৰল ড্ৰাগছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনক উপযুক্ত তথ্য পাতি দাখিল কৰিব নোৱাৰাত ভাৰতে সেই আবেদন খাৰিজ কৰি দিয়ে।
তাৰ পাছতে ১৩ অক্টোবৰত প্ৰতিষ্ঠানটোৱে পুনৰ এখন নতুন আবেদন দাখিল কৰে। এইবাৰ চেন্ট্ৰল ড্ৰাগছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনে এই আবেদন গ্ৰহণ কৰি প্ৰতিষ্ঠানটোক ভাৰতত ৰাছিয়াৰ কোভিড ভেকচিনটো ট্ৰায়েলৰ অনুমতি প্ৰদান কৰে ।
ভাৰতত ভেকচনিটোৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েল কৰা হ’ব।
দ্বিতীয় পৰ্যায়ত ১০০ জন স্বেচ্ছাসেৱক আৰু তৃতীয় পৰ্যায়ত ১৪০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিনটো প্ৰয়োগ কৰা হ’ব ।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here