ভাৰতক ভাবুকি আমেৰিকাৰ ! ভাবুকিৰ আৰঁ‌ৰ কাৰণ কি

ভাৰত-ৰাচিয়াৰ সম্বন্ধক লৈ ক্ষোভিত হৈ উঠিছে আমেৰিকা । বাৰংবাৰ ভাৰতৰ ওপৰত হেচাঁ‌ প্ৰয়োগ কৰাৰ পিচতো যেতিয়া ভাৰতে ৰাচিয়াৰ ক্ষেত্ৰত নিৰপেক্ষ স্থিতি সলনি নকৰিলে তাৰপিচতে আমেৰিকাই ভাৰতক ভাবুকি দিবলৈ আৰম্ভ কৰিলে । আমেৰিকাৰ মন্তব্য , ৰাচিয়াৰ সৈতে মধুৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখিলে বিষম পৰিস্থিতিৰ সন্মুখীন হব লাগিব ভাৰতে ।
ব্লুমবাৰ্গৰ ৰিপৰ্ট অনুসৰি , আমেৰিকাৰ ৰাষ্ট্ৰপতি জো ৱাইডেনৰ অৰ্থনৈতিক উপদেষ্টা ব্ৰায়ান ডোজে কয় , ৰাচিয়া-ভাৰতৰ মিত্ৰতাৰ বিৰুদ্ধে আমেৰিকা প্ৰশাসনে ভাৰতক সৰ্তক কৰি দিছে । ৰাচিয়া-ইউক্ৰেনৰ যুদ্ধৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা নিৰপেক্ষ স্থিতিক লৈ আমেৰিকা প্ৰশাসন সুখী নহয় । আন্তঃৰাষ্ট্ৰীয় নিউজ ৱেব চাইট ক্ৰিচিয়ান চাইঞ্চ মনিটৰ ক দিয়া এক সাক্ষাৎকাৰত এই কথা সদৰি কৰিছে ব্ৰায়ান ডোজে ।
ৱেবচাইটৰে হোৱা সাক্ষাৎকাৰত ডোজে লগতে কয় , যদিহে ভাৰতে ৰাচিয়াৰ সৈতে সামৰিক মিত্ৰতা অব্যাহত ৰাখে , তেন্তে অদুৰ ভৱিয্যতে ভাৰতে বিষম পৰিস্থিতি বাবে সাজু থাকিব লাগিব । চীনৰ আক্ৰমণৰ সময়ত ভাৰতক সমৰ্থন জনাই আহিছিল আমেৰিকাই । চীনৰ দখলকাৰী নীতিক নাকী লগাবলৈ ভাৰত আমেৰিকাৰ সহযোগী হোৱা উচিত বুলি মন্তব্য ব্ৰায়ান ডোজৰ ।

International Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here