বৰ্তমান পৰিস্থিতি আৰু আমাৰ জীৱন যাত্ৰা

0
76

 

বৰ্তমান পৰিস্থিতি আৰু আমাৰ জীৱন যাত্ৰা

বৰ সুন্দৰ দিন আছিল সেইবোৰ! ল’ৰা- ছোৱালীয়ে নিজৰ কেৰিয়াৰ গঢ়াত জী-জান লগাই। প্ৰতিযোগিতাত লিপ্ত হৈছিল। দেশৰ অৰ্থ-ব্যৱস্থা, অন্যান্য দেশৰ লগত ভাৰতৰ কুটনৈতিক সম্পৰ্ক উন্নত কৰা, বিভিন্ন ব্যৱসায়িক চুক্তি সম্পন্ন কৰাৰ অৰ্থে প্ৰধান মন্ত্ৰীয়ে নানা দেশ ভ্ৰমণ কৰিছিল। বিদেশৰ পৰা যুদ্ধ সামগ্ৰী ক্ৰয় কৰিছিল। আমেৰিকা ৰাছিয়াৰ দৰে ৰাষ্ট্ৰই ভাৰতক সসন্মানে দলিচা পাৰি দিছিল। বিশ্বৰ বিভিন্ন দেশৰ মাজত ভাৰত সূৰ্য্যৰ দৰে উজ্জ্বল হৈ পৰিছিল। সকলোৱে সপোন দেখিছিল – অভূতপূৰ্ব কিবা এটাৰ।
কিন্তু হঠাৎ যেন পৃথিৱীৰ উশাহ নিশাহ স্তব্ধ হৈ পৰিল। দিন ৰাতিৰ ছেদ ভেদ নোহোৱা হ’ল। শূণ্য ৰাজ পথ, শূণ্য ধৰ্ম স্থল। ঈশ্বৰো গৃহবন্দী হ’ল।
পৃথিৱীৰ সমস্ত মানৱৰ ওপৰত যেনেদৰে কৰোণাৰ মাধ মাৰ পৰিছে, সেই দৰে পৃথিৱীৰ সকলো ব্যক্তিয়েই কৰোণাৰ ওপৰত চিন্তা চৰ্চা কৰিছে। ডাঙৰ ডাঙৰ দেশৰ চৰকাৰে তাক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন উপায় চিন্তা কৰাত ব্যস্ত। ডাঙৰ ডাঙৰ বৈজ্ঞানিক ব্যস্ত – বেমাৰৰ প্ৰতিষেধক প্ৰস্তুত আৰু নিৰ্মূলকাৰী ঔষধৰ আবিস্কাৰত। চিকিৎসা জগতৰ লগত জড়িত সকলে নিজৰ জীৱন উৎসৰ্গিত কৰি হ’লেও ব্যস্ত হৈ আছে ৰোগীৰ জীৱন ৰক্ষাৰ যুঁজত। পুলিচ-প্ৰশাসন লাগি আছে মানুহৰ যাতায়ত নিয়ন্ত্ৰণ আৰু উশৃংখলতা ৰোধ কৰিবলৈ। এই সকলোবোৰৰ সমান্তৰাল ভাৱে এচাম মেডিয়া কৰ্মী সংযুক্ত হৈ আছে সকলো খবৰ, সকলো নীতি-নিয়ম জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ।
উল্লেখ কৰা সকলোবোৰৰ প্ৰত্যেকেই কৰোণাৰ বিৰুদ্ধে প্ৰত্যক্ষ যুঁজত লিপ্ত হৈ বহু সময়ত নিজৰ জীৱন হেৰুৱাইছে। পৰিয়ালৰ সদস্য হেৰুৱাইছে। এই সকল লোকৰ বেছি ভাগেই চাকৰিয়াল শ্ৰেণীৰ । কৰোণাৰ লগত যুদ্ধ কৰাৰ বাবে তেওঁলোকে চৰকাৰৰ পৰা চাকৰিৰ দৰমহা কেইটাৰ বাহিৰে অধিক একো নাপায়। তাৰ বিপৰীতে, বহু সময়ত চিকিৎসাৰ লগত জড়িত আৰু পুলিচ কৰ্মচাৰী সকলে গালি-শপনি আৰু মাৰ-ধৰ খাব লগীয়া হৈছিল আৰু হৈ আছে। বিশেষকৈ এতিয়াও অসমৰ চাহ বাগিচা অঞ্চলত বহু চিকিৎসা কৰ্মীয়ে মানুহৰ দুৰ্ব্যৱহাৰৰ চিকাৰ হৈ আছে। গাঁও অঞ্চলত আজি কালি চিকিৎসা কৰ্মী সকলৰ প্ৰতি সামান্য কৃতজ্ঞতা আৰু সন্মান প্ৰদৰ্শন কৰা মাজে-মধ্যে দেখা যায় যদিয়ো, চাহ বাগিচা অঞ্চলত এই সকল কৰ্মীক বাগিচা কৰ্তৃপক্ষয়ো কোনো গুৰুত্ব নিদিয়ে আৰু যিবোৰক দিনে-ৰাতিয়ে সেৱা আগবঢ়ায় – সেই সকলেও নুন্যতম কৃতজ্ঞতা খিনি প্ৰকাশ নকৰে।
এই সকলোবোৰৰ উপৰিও আমাৰ দেশত অনেক চিন্তাশীল জনগণ আছে। তাৰ ভিতৰত বহুতো মন্ত্ৰী, বিধায়ক, পঞ্চায়ত পৰ্য্যায়ৰ প্ৰতিনিধি আছে। এক গৰিষ্ঠ সংখ্যক এনে লোকে কিন্তু জনসাধাৰণৰ পৰা বহু দূৰৈত আছিল আৰু এতিয়াও আছে। বিৰোধী দলৰ বহু জনপ্ৰতিনিধি আছে। তেওঁলোকে এক নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত থাকি এটাই কাম কৰিছে – সেয়া হৈছে চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰা আৰু তাত বাধা দিয়াৰ চেষ্টা কৰা। এনেকুৱা মনোভাৱৰ এচাম জনতা আছে, হকে-বিহকে তেওঁলোকে ফেচবুক-টুইটাৰত হয় কাৰোবাক গালি পাৰিছে, নহয় কাৰোবাক সমৰ্থন কৰিছে। কেতিয়াবা ফেচবুকতেই ইজনে সিজনক অকথ্য অশ্লীল শব্দৰে গালি পাৰিছে।
বৰ্তমান সকলো ধৰণৰ কাৰ্য্যালয় বন্ধ। তেনেকুৱা কাৰ্য্যলয়ৰ বহু কৰ্মচাৰীয়ে খাই-বহি সময় পাৰ কৰিছে। দৰমহা বেঙ্কত সোমাইছে।নিজে সন্মুখত উপস্থিত থাকি ঘৰৰ বিভিন্ন আধৰুৱা কাম এই সুবিধাতে সম্পূৰ্ণ কৰি গৈছে। তেওঁলোকৰ মাজৰে কিছুমানে আকৌ ডি. এ টো নোপোৱা বাবে চৰকাৰৰ ওপৰত ক্ষোভিত হৈ পৰিছে। এই সময়তে আন এটা কথাৰ বাবে মধ্যবিত্ত বহুত মানুহৰ ক্ষোভৰ বহিৰ্প্ৰকাশ দেখা গৈছে। কাৰণটো – পেট্ৰ’লজাত সামগ্ৰী, ৰন্ধন গেছ, মিঠা তেল, দাইল আদিৰ মূল্য বৃদ্ধিৰ বাবে। এতিয়া কথা হ’ল- সমাজৰ আটাইতকৈ দুখীয়া শ্ৰেণীৰ মানুহ চৰকাৰৰ বিভিন্ন আচনিৰ দ্বাৰা উপকৃত হৈছে। চৰকাৰে চাহ বাগিছাৰ মানুহক বিভিন্ন আঁচনি দ্বাৰা সামৰি লৈছে। লক ডাউনৰ সময়ত বাগিছাত আগৰ দৰেই কাম কাজ-চলি আছে। মানুহে কাম কৰি মজুৰী পাই আছে। তাৰ বিপৰীতে চহৰাঞ্চলত সৰু সৰু ব্যৱসায়ী, চাহ বিক্ৰী কৰি খোৱা মানুহ, হোটেল চলোৱা, নাৰ্ছাৰী চলোৱা, প্ৰেছৰ মালিক, বিভিন্ন গাড়ী চলোৱা মানুহৰ বিলৈ নোহোৱা হৈছে। এনেকুৱা মানুহক সকাহ দিবলৈ চৰকাৰে যতপৰোনাস্তি চেষ্টা কৰিছে। বৰ্তমান লক ডাউনৰ সময়ত বহুতো প্ৰতিষ্ঠিত ব্যৱসায়ীয়েও চকুৰে আন্ধাৰ দেখিছে।
সদ্য ঘোষিত বাজেট অনুসৰি অসম চৰকাৰৰ বিৰান্নবৈ হাজাৰ কোটি টকা ধাৰ হৈছে। হ’বই। চিকিৎসা, এম্বুলেঞ্চ, আই, চি, ইউ, ভেকচিন আদিৰ বাবেও বহু টকা খৰচ হৈছে। তাৰ বিপৰীতে চৰকাৰৰ ঘৰলৈ ধন অহাৰ সকলো ৰাস্তা বন্ধ হৈ আছে। তথাপি চৰকাৰে বহু আঁচনি গ্ৰহণ কৰা দেখা গৈছে।
মানুহক সকাহ দিয়া ভাল আৰু উচিতো। কিন্তু চৰকাৰে আৰু নতুনকৈ হিতাধিকাৰীৰ সৃষ্টি নকৰাই ভাল বুলি চিন্তাশীল ব্যক্তিয়ে আজিৰ পৰিপ্ৰেক্ষিতত অনুভৱ কৰিবলৈ লৈছে। হিতাধিকাৰীৰ সৃষ্টিয়ে নিশ্চিত ভাবে চৰকাৰৰ ভোট সুৰক্ষিত কৰিছে আৰু কৰি থাকিব।কাৰণ – “তোমালোক আমাৰ মানুহ, তোমালোকৰ সকলো দায়িত্ব আমাৰ” বুলি চৰকাৰৰ পৰা নিশ্চিত আশ্বাস পোৱাৰ ফলত ভোটে তেওঁলোকৰ পক্ষ এৰি নাযায়। চৰকাৰে মানুহক সকলো সুবিধা দিয়াৰ বাবে সামৰ্থ্য যেতিয়ালৈকে ৰাখিব, তেতিয়ালৈকে জনতা তেওঁলোকৰ সৈতে থকাৰ সম্ভাৱনাই অধিক। কিন্তু কিমান দিন এনেকৈ চলিব? সেই দিনটোলৈ মানুহৰ কৰ্ম স্পৃহা বা কাম কৰাৰ শক্তি থাকিব নে? চৰকাৰে কিমান মানুহক চাকৰি দিব? নিজৰ ৰাজ্যত খেতি নহ’লে বাহিৰৰ পৰা অনা চাউলেৰে বিনামূলীয়াকৈ কন্ট্ৰোলৰ দোকানত চৰকাৰে কিমান দিনলৈ চাউল দি থাকিব পাৰিব?
মুঠতে চৰকাৰৰে নিজৰ প্ৰদেশখনৰ সকলো শ্ৰেণীৰ জনতাৰ মনত এই মূহুৰ্ততৰ পৰা সকাহ দিবলৈ চেষ্টা কৰক। কাৰণ, কৰোণাই সৃষ্টি কৰা পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ মানুহৰ ধৈৰ্য্যচ্চ্যুটি ঘটিবলৈ বেছি সময় নালাগিব। হিতাধিকাৰীৰ পৰিমাণ আৰু আঁচনি বৃদ্ধি নকৰি, পাৰিলে কমাই আনক। পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, মিঠা তেলৰ দাম নিয়ন্ত্ৰণ কৰাত মনোনিবেশ কৰিলে মানুহৰ শান্তি হ’ব।
কেইখনমান কৃষি সাহাৰ্য্য আঁচনি প্ৰস্তুত কৰি খেতি কৰা-নকৰা মানুহ কিছুমানৰ হাতত পইচা কেইহাজাৰমান তুলি দিয়াতকৈ কৃষি ভূমিৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ আঁচনি প্ৰস্তুত কৰক। মানুহে পেঞ্চন লাভ কৰাৰ একোটা সীমা থকা উচিত। পেঞ্চনবোৰ যধে-মধে যাকে-তাকে নিদি মানুহবোৰৰ বয়স যাঠি বছৰ হোৱালৈ সাঁচি ৰাখক। দেশৰ ৰাজভড়ালৰ এই বিৰান্নবৈ হাজাৰ কোটি টকাৰ ধাৰ মাৰিবলৈ চেষ্টা কৰিলে ভাল।
আমাৰ মনলৈ অহা কথা খিনিহে প্ৰকাশ কৰিলোঁ। আৰু বহু কথা থাকে, যি প্ৰকাশ কৰাৰ দৰকাৰ নহয়। চৰকাৰও বুজি পায়।

আৰ কে বেজবৰুৱা,ৰঙাপাৰা

LEAVE A REPLY

Please enter your comment!
Please enter your name here