বৰ্তমান ছাত্ৰ ছাত্ৰী সকলৰ মাজত নৈতিক  শিক্ষাৰ প্ৰয়োজনীয়তা 

0
4203
অভিমত, NE INDIA: আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভবিষ্যত । ভবিষ্যতৰ মানৱ সম্পদৰ সফল প্ৰয়োগ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নিশ্চয় নৈতিকতাৰ প্ৰশ্নটো মূল্যায়ন হব। “নৈতিকতা” শব্দৰ অৰ্থ হল সজ আচৰণ। আনহাতেদি উচিত – অনুচিত, ভাল-বেয়া, দায়বদ্ধতা, পাপ-পুণ্য, সদাচাৰ- অনাচাৰ ইত্যাদিৰ ভাবাৰ্থ নৈতিকতা শব্দটোয়ে সামৰি লয়।     শিক্ষাৰ যি প্ৰয়োজনীয়তা আৰু তেনে শিক্ষাৰ প্ৰদান আৰু গ্ৰহণ মূল্যায়ন কৰিবলৈ গলে সততে মনলৈ অহা কথাটো হৈছে নৈতিকতাবোধ। দৰাচলতে প্ৰচলিত শিক্ষা ব্যৱস্থাই উঠি অহা নতুন চামক নৈতিক ভাবে চহকী কৰিছে নে নাই, সেই কথাষাৰ বিচাৰ্য আৰু লক্ষণীয়। মাক দেউতাকে নিজৰ ল’ৰা ছোৱালীক শিক্ষানুষ্ঠানলৈ যেতিয়া পঠিযায় তেতিয়া তেওঁলোকে আশা কৰে যে নিজৰ ল’ৰা ছোৱালীয়ে যাতে সৰ্বদিশত সৰ্ববিদ্যাৰে জ্ঞানী হৈ নিজৰ পৰিচয়ৰে সমাজত পৰিচিত হওঁক তথা যি পৰিচয়ে নিজৰ সমাজ বা দেশ এখনৰ উন্নতিত বিশেষ অৱদান ৰাখিব পাৰে। কিন্তু মা দেউতায়ে আশা কৰা ধৰণে জানো আমাৰ শিক্ষানুষ্ঠানবোৰে ছাত্ৰ-ছাত্ৰীসকলক সৰ্বদিশত পাৰ্গত কৰি তুলিব পাৰে নতুবা মাথোঁ বিদ্যালযত পঢ়োৱা পাঠ্যক্ৰমে জানো ছাত্ৰ-ছাত্ৰী সকলক সকলো দিশতে শিক্ষা প্ৰদানেৰে এক সফল ব্যক্তিত্বলৈ পৰিগণিত কৰিব পাৰে।
        ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰথমটো শিক্ষানুষ্ঠান হ’ল নিজৰে ঘৰখন, নিজ মাক – দেউতাকে শিক্ষক। আনহাতে সমাজত প্ৰচলিত আচাৰ ব্যৱহাৰ, কলা সংস্কৃতি, ৰীতি-নীতি, দায়িত্ববোধ ইত্যাদিও ছাত্ৰ-ছাত্ৰী সকলক নৈতিক জ্ঞানেৰে সবল কৰি তুলিব পাৰে। গতিকে দেশ বা সমাজ এখনৰ ভবিষ্যত ছাত্ৰ-ছাত্ৰী সকলৰ নৈতিকতা গঠনৰ ক্ষেত্ৰত সমাজ বা পৰিয়ালে সততে চকু ৰখা উচিত।
                আনহাতে শ্ৰেণী কোঠাত আৱদ্ধ শিক্ষা ব্যৱস্থাত যদি নৈতিকতাৰ কথাটো আলোচনা কৰা হয়। তেন্তে লক্ষণীয় বিষয়টো হব শ্ৰেণীকোঠাত শিক্ষকৰ আচৰণ, নৈতিক জ্ঞান প্ৰদানৰ সততে থকা প্ৰচেষ্টা। দৰাচলতে পাঠ্যক্ৰমবোৰত এনেকুৱা কিছুমান পাঠ অন্তৰ্ভূক্তৰ প্ৰয়োজন যে যিবোৰ পাঠে ছাত্ৰ-ছাত্ৰীক নৈতিকতাৰ জ্ঞান দিব পাৰে, দায়িত্বশীল কৰি তুলিব পাৰে দেশ আৰু সমাজৰ প্ৰতি। পাঠ্যক্ৰমবোৰ এনেকুৱা হোৱা উচিত যিবোৰে নেকি ভাল-বেয়া, পাপ-পুণ্য, দয়া-মমতা, দোষ-ক্ষমা, ৰীতি-নীতি, ডাঙৰক সেবা, সৰুক আদৰ ইত্যাদিবোৰ কথা জ্ঞাত কৰিব পাৰে। শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক এইটো শিকাব পাৰিব লাগিব যে— সজ মাত-কথা, সজ আচৰণ ,শিষ্টাচাৰ নম্ৰতা ,এইবোৰে মূলতে মানুহক সুন্দৰ কৰে, প্ৰিয় কৰে, মানুহৰ স্বৰূপ প্ৰকাশ কৰে । তেতিয়াহে অনুষ্ঠানিক শিক্ষা ব্যৱস্থাই নৈতিকতাৰ ক্ষেত্ৰত সাৰ্থকতা লাভ কৰিব।
                বৰ্তমান সময়ছোৱাত সততে ছাত্ৰ-ছাত্ৰী সকলৰ নৈতিকতাৰ ক্ষেত্ৰত প্ৰশ্নৰ উদ্ৰেক কৰা হয়।সমালোচিত কৰা হয় যে আজিৰ ছাত্ৰ সমাজ নৈতিক ভাবে স্খলিত হৈছে। মাদক দ্ৰব্যৰ প্ৰতি আয়ক্তি হৈছে, গুৰু গোসাই নামানি ডাঙৰক সন্মান কৰিব নজনা হৈছে, সমাজৰ ৰীতি-নীতি, সংস্কৃতি এৰি পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰি উশৃংখল, উদণ্ড হৈ পৰিছে ।  এজন ছাত্ৰ বা ছাত্ৰীৰ নৈতিকতাৰ পতন হব পাৰে। সেইবুলি গোটেই ছাত্ৰ সমাজকে দোষ জাপি দিয়াটো অনুচিত। যদি ছাত্ৰ সমাজৰ নৈতিকতাৰ স্খলন হোৱা বুলি বৰ্তমান সময়ছোৱাত ভাবি লোৱা হয়। তেন্তে এই কথাও চিন্তা কৰিবলগীয়া যে সিহঁত আমাৰ সমাজ ব্যৱস্থাৰ মাজত ডাঙৰ দীঘল হৈ শিক্ষা লাভ কৰিছে। নিশ্চয় সমাজ ব্যৱস্থা বা শিক্ষা ব্যৱস্থাটোৰ কৰবাত কেনা লাগিছে সেইবাবেই ছাত্ৰ সমাজৰ স্খলিত ৰূপ প্ৰত্যাশিত হৈছে। গতিকে এইখিনিতে শিক্ষা ব্যৱস্থাটোৰ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা খিনি আহি পৰে।
ডলী ডেকা, NE INDIA
(অভিমতলৈ যদি আপুনি কোনো বিষয় লৈ লেখা পঠাব বিচাৰে তেন্তে neindianews29@gmail.comলৈ মেইল কৰক)

LEAVE A REPLY

Please enter your comment!
Please enter your name here