বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় উৎসৱ

0
400

বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় উৎসৱ

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙ্গলবাৰৰ পৰা আৰম্ভ হয় পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২০। অসমৰ সীমাতে লাগি থকা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত অনুষ্ঠিত হয় এই উৎসৱ। মূলতঃ অৰুণাচল প্ৰদেশৰ কৃষ্টি-সংস্কৃতি প্ৰসাৰৰ লগতে পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ কৃষ্টি-সংস্কৃতিৰ সৈতে আদান প্ৰদানেৰে দুয়োখন দেশৰ ভ্ৰাতৃত্ব বোধৰ লক্ষ্যৰে বিগত বৰ্ষৰ দৰেই এই বছৰো অনুষ্ঠিত হয় এই পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় উৎসৱ। প্ৰতিকুল বতৰকো নেওচি লোকাৰণ্য হৈ পৰা উৎসৱ স্থলীত ৰাজ্যখনৰ বহু কেইটা বৰ্ণিল সাংস্কৃতিক দলক তেওলোকৰ কলাকৃষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। বিশেষকৈ অৰুণাচল প্ৰদেশৰ তাংছা, ৱাংছু, নকটে, লিছু, গোৰ্খা, খামতিকে আদি কৰি বহু কেইটা সাংস্কৃতিক দলে উৎসৱটিত অংশ গ্ৰহণ কৰি নিজা নিজা পৰম্পৰাগত কলা সংস্কৃতি প্ৰদৰ্শনেৰে সোণত সুৱগা চৰালে প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা নামপুঙৰ উৎসৱস্থলি। পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২০ ক তাংছা জনগোষ্ঠীৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ বৰকাঁ‌হ অৰ্থাৎ কং বজাই মঙ্গলবাৰে আনুষ্ঠানিক ভাবে শুভদ্ধোধন কৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ৰাষ্ট্ৰদূত মাও ক্যাও অঙে। এই ক্ষেত্ৰত তেখেতক সহযোগিতা আগবঢ়ায় অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনে। অৰুণাচল প্ৰদেশৰ নামপুং-জয়ৰামপুৰ বিধান সভা সমষ্টি তথা স্থানীয় বিধায়ক লাইছাম ছিমাই আদৰণি ভাষণ পাঠ কৰা উৎসৱটোৰ উৎসৱস্থলীত ১৩ নং অসম ৰাইফলছৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শণিকে মুখ্য কৰি ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ, খাদ্য সম্ভাৰৰ বিপনী সমূহেও উৎসৱটোলৈ অহা দৰ্শনাৰ্থী সকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়।পাংচুপাচ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২০ৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰা ম্যানমাৰ ৰাষ্ট্ৰদূত মৌ ক্যাও অং আৰু অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনে তেওঁলোকৰ ভাষণ প্ৰসংগত এই উৎসৱে ৰাজ্যখনৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সাংস্কৃতিক আদান প্ৰদানেৰে ভ্ৰাতৃত্ববোধ গঢ়াত সহায় কৰাৰ উপৰিও পৰ্যটন ক্ষেত্ৰ খনৰ লগতে বাণিজ্যিক ক্ষেত্ৰলৈ যথেষ্ঠ আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে।

https://youtu.be/lRAzmysZ-eA?t=2

বাবা নেওগ, নামপুং, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here