Friday, March 24, 2023
HomeUncategorizedবৰাক উপত্যকাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত । কাছাৰ জিলাৰ শিলচৰ আৰু কাষৰীয়া অঞ্চলসমূহত বানে চলাইছে ভয়াবহ তাণ্ডৱ । বৃহস্পতি বাৰে আকাশীমাৰ্গৰে বৰাক উপত্যকাৰ শিলচৰৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শিলচৰৰ বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সাহায্য ব্যৱস্থাৰ বুজ লয় মুখ্যমন্ত্রী গৰাকীয়ে। পৰিস্থিতি বুজ লোৱা পাছত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি বানপীড়িতক সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ দিশতো নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্রী গৰাকীয়ে ।

ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্রী ডঃহিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাংসদ ডা: ৰাজদীপ ৰায়, কাছাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, দক্ষিণ অসম মণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকে সংগ প্ৰদান কৰে ।
মুখ্যমন্ত্ৰী শিলচৰত উপস্থিত থকাৰ সময়তে শিলচৰত সাহাৰ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হয় । আকাশমাৰ্গৰ পৰা হেলিকপ্তাৰেৰে খাদ্য সামগ্ৰী , ঔষধ আদিকে ধৰি বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ।

News Desk, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments