Thursday, March 30, 2023
HomeAssameseবৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ চিনাদি গাৱত পানীত পৰি এজনৰ মৃত্যু

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ চিনাদি গাৱত পানীত পৰি এজনৰ মৃত্যু

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ চিনাদি গাৱত পানীত পৰি এজনৰ মৃত্যু

বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ চিনাদি গাৱত পানীত পৰি এজনৰ মৃত্যু৷ মৃত লোকজনৰ নাম দীপক ডেকা (৫৬) ৷ চিনাদি গাৱৰ পথৰ কাষৰ পথাৰৰ বানত পৰি মৃত্যু হয় লোকজনৰ ৷ আজি পুৱা একাংশ লোকে লোকজনক পানীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিচতে গাওখনত হাহাকাৰ লাগে ৷ লোকজনে কি পৰিস্থিতিত মৃত্যু হ’ল সেয়া জানিব পৰা নাই যদিও লোকজন মৃগী ৰোগত ভূগি আছিল বুলি ৷ বুধবাৰে নিশা লোকজন পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ গাওবাসীৰ ৷ গাওবাসীয়ে জনোৱামতে লোকজনে দিনৰ ভাগত পথাৰৰ মাজত জাল পাতিছিল ৷ জাল চাবলৈ যোৱাৰ সময়তে লোকজনৰ মৃত্যুৰ সন্দেহ স্থানীয় লোকৰ ৷ লোকজনৰ মৃতদেহ এতিয়াও পানীৰ পৰা উদ্ধাৰ কৰা হোৱা নাই ৷

স্বৰ্ণদ্বীপ ডেকা , সৰ্থেবাৰী, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments