বৰপেটাৰ সৰ্থেবাৰীত বান সাহায্য হৰলুকিত নামিল মণ্ডল

12

বৰপেটাৰ সৰ্থেবাৰীত বান সাহায্য হৰলুকিত নামিল মণ্ডল

বৰপেটাৰ সৰ্থেবাৰীত বান সাহায্যৰ সামগ্ৰী চুৰিত নামিল চৰকাৰী কৰ্মচাৰী ৷
দুগৰাকী মণ্ডলে চৰকাৰী বান সাহায্য সামগ্ৰী চুৰি কৰাক লৈ সৰ্থেবাৰীত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷
বান সাহায্য চুৰিৰ সৈতে জড়িত মণ্ডল দুগৰাকী হল কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা ৷ সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত দুয়োগৰাকী মণ্ডলে আজি বান সাহায্যৰ কেইবা বস্তা দাইল আৰু চাপৰ ঘৰলৈ লৈ গৈ থকাৰ পথত স্থানীয় লোকে জব্দ কৰে ৷ এখন ই-ৰিক্সাৰে মণ্ডল কান্তেশ্বৰ ডেকাৰ ব্যাসকুছিৰ ঘৰলৈ নি থকা পথত আৰু আনগৰাকী মণ্ডল অজিত ডেকাৰ ঘৰৰ পৰা বান সাহায্যৰ সামগ্ৰীসমুহ জব্দ কৰে ৷
এই ঘটনাক লৈ সৰ্থেবাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

 

স্বৰ্ণদ্বীপ ডেকা ,সৰ্থেবাৰী ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here