বৰপেটাৰ সৰ্থেবাৰীত কঁহাৰ শিল্পী সকলক বান সাহায্য প্ৰদান

14

বৰপেটাৰ সৰ্থেবাৰীত কঁহাৰ শিল্পী সকলক বান সাহায্য প্ৰদান

বানত ডুবিছে সৰ্থেবাৰী ৷
ডুবিছে অসমৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ কাঁহ শিল্পৰে জড়িত গঢ়শাল সমুহ ৷
বিগত সময়ছোৱাত কোৰোণা মহামাৰীয়ে ভীষণভাৱে ক্ষতিগ্ৰস্থ কৰিছে কঁহাৰ শিল্পী সকলক ৷

চলিত বানত ভীষণভাৱে ক্ষতিগ্ৰস্থ প্ৰতিগৰাকী কঁহাৰ শিল্পীক কালি জিলা প্ৰশাসনৰ তৰফৰ পৰা বান সাহায্য হিচাপে তিনি কিলো চাউল আৰু আধা কিলোগ্ৰামকৈ দাইল বিতৰণ কৰে ৷

কোৰোণা মহামাৰীৰ পিচতে এইবাৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱা কঁহাৰ শিল্পী সকলে বিচাৰিছে আৰ্থিক সহায় ৷
শিল্পীসকলৰ মন্তব্য – আমাক খোৱাৰ বাবে নহয়, শিল্পটো জীয়াই ৰাখিবলৈহে সহায় কৰক ৷
কঁহাৰ শিল্পীসকলে প্ৰতিখন গঢ়শালক ডেৰ লাখকৈ সাহায্য আগবঢ়াবলৈ চৰকাৰক দাবী জনাইছে ৷
অন্যথা সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ নামি আহিব দূৰ্যোগ ৷

স্বৰ্ণদ্বীপ ডেকা ,সৰ্থেবাৰী ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here